অচিৰেই পৃথিৱীৰ পৰা বিদায় ল’ব ক’ৰোনাইঃ নোবেল বিজয়ী বিজ্ঞানীৰ ভৱিষ্যতবাণী
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ বিশ্বজুৰি ক’ৰোনাৰ আতংক অব্যাহত থকাৰ মাজতে আহিছে এক সুখৰ বাৰ্তা । ২০১৩ চনত ৰসায়নৰ নোবেল বঁটাপ্ৰাপ্ত বিজ্ঞানী মাইকেল লেভিটৰ দাবী, অচিৰেই বিশ্বৰ পৰা উধাও হ’ব ক’ৰোনা ।
মাইকেল লেভিট নামৰ এইগৰাকী বিজ্ঞানীয়ে পূৰ্বেই এক চীনত এক মহামাৰীৰ ভৱিষ্যতবাণী কৰিছিল । লগতে কৈছিল যে এই মহামাৰীৰ প্ৰকোপ হ’ব অত্যন্ত ভয়ংকৰ । লছ এঞ্জেলছ্ টাইমছৰ এক সাক্ষাৎকাৰত লেভিটে কৈছে যে প্ৰথমে আতংক দূৰ কৰাটোহে অতি প্ৰয়োজনীয় । তেতিয়াই আমাৰ সকলো ঠিক হৈ যাব ।
লেভিট কয় যে, আক্ৰান্তৰ সংখ্যা বৰ্তমানেও সঠিক ভাৱে দিয়া হোৱা নাই । পৰিসংখ্যা যদি চোৱা যায় তেন্তে দেখা গৈছে যে ইয়াৰ প্ৰকোপ কিছু পৰিমাণে হ’লেও কমিছে । জন হপকিন্স বিশ্ববিদ্যালয়ৰ এক পৰিসংখ্যা অনুসৰি মাৰ্কিন যুক্তৰাষ্ট্ৰত বৰ্তমানলৈকে আক্ৰান্ত হৈছে ৩৫,২২৪ গৰাকী লোক, মৃত্যু হৈছে প্ৰায় ৪৭১ গৰাকী লোকৰ । সমগ্ৰ পৃথিৱীতে আক্ৰান্ত হৈছে ৪ লাখ আৰু মৃত্যু হৈছে ১৭,০০০ গৰাকী লোকৰ ।
ইয়াৰ পাচতেই লেভিটে উল্লেখ কৰে যে মানুহক গৃহবন্দী কৰি ৰখা অথবা ভেকচিনৰ জৰিয়তে ক’ৰোনা নিয়ন্ত্ৰণ কৰা প্ৰক্ৰিয়াটো সুন্দৰ । মৃত্যুৰ সংখ্যা বাঢ়িলেও কিন্তু পৰিসংখ্যাত দেখা যাব যে লাহে লাহে আক্ৰান্তৰ সংখ্যা কমিব ।