নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ এক বৈঠকত সামাজিক দূৰত্ব বৰ্তাই এজনৰ পৰা আনজন ব্যক্তিলৈ এক মিটাৰ দূৰত্বত অৱস্থান কৰা দেখা গ’ল দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে মন্ত্ৰীসকলক । ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বৰ্তাই ৰখা বিষয়টোও হৈ পৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ ।
বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়তে বুধবাৰে দিল্লীৰ ৭ লোক কল্যাণ মাৰ্গত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটৰ এই বৈঠকত এজনৰ পৰা আনজনলৈ থকা দূৰত্বই সূচাইছে প্ৰকৃততে কিদৰে আমি যুঁজ দিব লাগিব ক’ৰোনাৰ বিৰুদ্ধে ।
#WATCH Union Cabinet meeting chaired by Prime Minister Narendra Modi was held at 7 Lok Kalyan Marg earlier today, social distancing was seen during the meeting. #COVID19 pic.twitter.com/zeisrEgiHR
— ANI (@ANI) March 25, 2020
উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰি আগন্তুক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিন পৰ্যন্ত দেশত লকডাউন ঘোষণা কৰে । ইফালে, এই লকডাউনৰ সময়ত জৰুৰীকালীন সেৱা সমূহৰ লগতে খোলা থাকিব গেলামালৰ দোকান আৰু পেট্ৰল পাম্প । লকডাউন উলংঘা কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব । ইতিমধ্যে অসমতো লকডাউন উলংঘা কৰা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে লৈছে বিহিত ব্যৱস্থা ।