নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BTAD ত ৫০ হাজাৰ পৰিয়ালক যোগান ধৰা হ’ব বিনামূলীয়া ৰেচনঃ হাগ্ৰামা মহিলাৰী

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ মঙলবাৰৰ নিশাৰ পৰা প্ৰযোজ্য হ’ল সমগ্ৰ দেশতে লক ডাউন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই লক ডাউনৰ সিদ্ধান্তক আদৰণি জনাই আজি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সংবাদমেল সম্বোধন কৰি কৰিলে এক গুৰুত্বপূৰ্ণ ঘোষণা।

মহিলাৰীয়ে ৫০ হাজাৰ পৰিয়ালক বিটিচি চৰকাৰে বিনামূলীয়া ৰেচন যোগান ধৰিব বুলি ঘোষণা কৰে । য’ত এই পৰিয়ালসমূহক বিতৰণ কৰিব ২৫ কেজি চাউল আৰু ২ কেজিকৈ আটা । লগতে এই সামগ্ৰীখিনি ঘৰে ঘৰে গৈ কিছুসংখ্যক ভলণ্টিয়াৰে দি অহাৰ কথাও প্ৰকাশ কৰে ।

ইয়াৰোপৰি ১০ লাখ চেনিটাইজাৰৰ লগতে ২ লাখ মাস্ক বিতৰণ কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে ।

কিন্তু হাগ্ৰামা মগিলাৰীৰ এই ঘোষণাক সহজভাৱে লোৱা নাই বিটিএডিৰ আন ৰাজনৈতিক দলসমূহে । কিয়নো বিটিচি নিৰ্বাচন পিছুৱালেও এতিয়াও নিৰ্বাচনী আচৰণবিধি আতৰা নাই বিটিএডিৰ পৰা । যাৰ বাবে এনে বিনামূলীয়া ৰেচন যোগান ধৰি ভোটাৰ ৰাইজক প্ৰভাৱিত কৰিব বুলি অভিযোগ উত্থাপন কৰিছে ইউ পি পি এল দলে ।

You might also like