চৰাইদেউত ভুৱা চিকিৎসক অভিষেক শ্বাহ গ্ৰেপ্তাৰ
চৰাইদেউ জিলাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ।
ভুৱা চিকিৎসকজনৰ নাম অভিষেক শ্বাহ।
চৰাইদেউ জিলাৰ অন্তৰ্গত নাহৰহাবি চাহ বাগিচাৰ চিকিৎসালয়ত চিকিৎসা বিষয়া হিচাপে নিযুক্ত হৈ আছিল শ্বাহ।
লাকুৱা অঞ্চলৰ কেইবাখনো ফাৰ্মাচীত প্ৰাইভেট প্ৰেক্টিচ কৰে শ্বাহে।
Anti Quackery and Vigilance Officer of Assam Council of Medical Registrationৰ তৰফৰ পৰা দাখিল কৰা অভিযোগৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰা হয় শ্বাহক।
বৰ্তমান লাকুৱা থানাত জেৰা চলাই থকা হৈছে ভুৱা চিকিৎসক শ্বাহক।
Niyomiya Barta desk, 9 September