বিদ্রোহত জ্বলিছে নেপাল : সামাজিক মাধ্যমৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ নেপাল চৰকাৰৰ
🔹 ৯ মন্ত্ৰীৰ পদত্যাগ, প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ দেশ এৰাৰ পৰিকল্পনা!
নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : Gen Z বিদ্রোহত জ্বলিছে নেপাল ৷ তৰুণ প্রজন্মৰ প্রতিবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘর্ষত ৰণক্ষেত্রত পৰিণত হৈছে নেপাল৷ কে পি অলি শর্মা নেতৃত্বাধীন চৰকাৰে সামাজিক মাধ্যম ফেচবুক-ইনষ্টাগ্রাম-হোৱাটছএপ-ইউটিউব নিষিদ্ধকৰণক লৈ নেপালৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ যুৱক-যুৱতী৷ তৰুণ প্রজন্মৰ বিক্ষোভ হিংসাত্মক পৰিস্থিতিলৈ পর্যবসিত হৈছে৷ প্রতিবাদী যুৱক–যুৱতীক নিয়ন্ত্রণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে পানীহিলৈ, কন্দুৱা গেছ, অৱশেষত গুলীচালনা কৰাত ২১ প্রতিবাদীৰ মৃত্যু ঘটিছে৷ বিক্ষোভকাৰী–নিৰাপত্তাৰক্ষীৰ সংঘর্ষত অতি কমেও ২৫০ আহত হৈছে৷
নেপালত গণবিদ্রোহৰ সময়ত সোমবাৰৰ দৰে মঙলবাৰেও ছাত্ৰ-যুৱকৰ আন্দোলনৰ ফলত ৰাজধানী কাঠমাণ্ডুকে ধৰি একাধিক চহৰত অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হয়। এই পৰিস্থিতিত কেপি শৰ্মা অলি চৰকাৰৰ পতন কেৱল সময়ৰ অপেক্ষা? পৰিস্থিতি সেই দিশলৈয়ে গতি কৰিছে। অৱশ্যে কালি গভীৰ নিশা হোৱা বৈঠকত জনৰোষৰ চাপত পৰি চৰকাৰে ছ’চিয়েল মিডিয়াৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে। হিংসাত্মক প্ৰতিবাদৰ মাজতে নেপাল চৰকাৰে ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। এই নিষেধাজ্ঞা উঠাই লোৱাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে।
দেশখনত চলি থকা প্ৰতিবাদ, ক্ষোভৰ জুইৰ ফলত সৃষ্টি হোৱা গভীৰ সংকটৰ মাজতে সোমবাৰে নিশা চৰকাৰে কেবিনেট বৈঠক আহ্বান কৰিছিল। এই কেবিনেট বৈঠকতে নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
খবৰ মতে, এই ঘটনাত উপ-প্ৰধানমন্ত্ৰীকে ধৰি ৯জন মন্ত্ৰীয়ে পদত্যাগ কৰিছে। এইসকলৰ ভিতৰত স্বাস্থ্য, ক্ৰীড়া, বন, কৃষি, আইন, আৰু শক্তি মন্ত্ৰী আছে । সূত্ৰৰ দাবী, ভয়াৱহ বিপদৰ পৰা হাত সাৰিবলৈ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে দেশত্যাগৰ পৰিকল্পনা কৰিছে। পৰিস্থিতিৰ গুৰুত্ব বুজি তেওঁ ডুবাইলৈ উৰা মাৰিব পাৰে।
আনহাতে, এই কেবিনেট বৈঠকতে হিংসাত্মক ঘটনা পৰ্যালোচনাৰ বাবে এখন অনুসন্ধান সমিতি গঠন কৰা হৈছে। সমিতিখনে ১৫ দিনৰ ভিতৰত নেপাল চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব।
উল্লেখ্য যে দেশখনত ২৬টা সামাজিক মাধ্যমত নিষেধাজ্ঞা আৰোপ কৰাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে একাংশই। সামাজিক মাধ্যম বিশেষকৈ ফেচবুক, ইনষ্টাগ্রাম, হোৱাটছএপ, ইউ টিউব আৰু স্নেপশ্বট নিষিদ্ধকৰণক লৈ নেপালৰ কে পি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্রদর্শন কৰে তৰুণ প্রজন্মই৷