বিশেষ বাৰ্তা, মৰিয়নি, ৯ ছেপ্টেম্বৰ : বোনাছক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে মৰিয়নিৰ নাগিনীজান চাহ বাগিচা । পূৰ্বৰ অসম চাহ নিগম লিমিটেডৰ অন্তৰ্গত আৰু বৰ্তমান জালিংগা টি কোম্পানী প্ৰাইভেট লিমিটেডৰ অধীনস্থ চাহ বাগিচাখনত দুৰ্গাপূজাৰ আগেয়ে ৮•৩৩ শতাংশ বোনাছ দিয়াৰ কথা ঘোষণা কৰাৰ লগে লগে জাঙুৰ খাই উঠিছে শ্ৰমিক ৰাইজ ।
আজি অসম চাহ মজদুৰ সংঘৰ বাগিচাখনৰ প্ৰাথমিক গোট আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নাগিনীজান চাহ বাগিচাৰ লগতে নাগিনীজান চাহ বাগিচাৰ শাখা চটাই চাহ বাগিচাৰ শ্ৰমিকেও এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশ লয় । আজি দিনত এ চি এম এছ আৰু আটছাৰ আহ্বান মৰ্মে শ্ৰমিকসকলে কামৰ পৰা আহি কাৰ্য্যালয়ৰ সন্মুখত সমৱেত হৈ ২০ শতাংশ বোনাছ প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শ্ৰমিকৰ প্ৰতিবাদৰ ফলত বাগিচাখনৰ কাম-কাজ প্ৰায় অচল হৈ পৰে । তাৰ পিছতেই তেওঁলোকে সমদল কৰি গোহাঁইবাৰীত মৰিয়নি– আমগুৰি ধোদৰ আলি অৱৰোধ কৰে । প্ৰায় আধা ঘন্টা সময় পথটো অৱৰোধ কৰাৰ ফলত পথটোৰে যাতায়াত ব্যাহত হৈ পৰে।
মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়াই প্ৰতিবাদথলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক পথ অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায় । পিছত এই বিষয়ত এক আলোচনাৰ বাবে যোৰহাটৰ জিলা আয়ুক্তই আমন্ত্ৰণ জনোৱাত পথ অৱৰোধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হয় । আনহাতে, আজি বিয়লি যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত জিলা আয়ুক্তৰ সৈতে নাগিনীজান চাহ বাগিচা আৰু চটাই চাহ বাগিচাৰ মজদুৰ সংঘৰ প্ৰাথমিক গোট, আটছাৰ প্ৰতিনিধিৰ এক আলোচনা অনুষ্ঠিত হয় । যোৰহাটৰ সহকাৰী শ্ৰম আয়ুক্ত, মৰিয়নি সমজিলাৰ আয়ুক্ত, মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াও এই আলোচনাত উপস্থিত থাকে । আলোচনাৰ অন্তত জিলা আয়ুক্তই সমগ্ৰ বিষয়টো নিষ্পত্তিৰ বাবে দুদিনৰ সময় লয় । সেই সময়ছোৱাত কোনোধৰণৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ নকৰিবলৈও আহ্বান জনায় । দুদিনৰ ভিতৰতেই ভাল খবৰ আশা কৰিছে শ্ৰমিক ৰাইজে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া