বিশেষ বাৰ্তা, শুৱালকুছি, ১৮ ছেপ্টম্বৰ : আজিৰ দিনত ম’বাইলে কঁপাই তোলা পৃথিৱীখনত অভিভাৱকসকল সততে ব্যতিব্যস্ত পৰা পৰিলক্ষিত হৈছে। এনে পৰিৱেশৰ মাজতে বংশৰৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী ধৃতিমা দাসে ’অস্তিত্ব’ নামৰ এখন উপন্যাস লিখি পিতৃৰ জন্মদিনত গ্ৰন্থখন উন্মোচন কৰি এক আদৰ্শ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ।
উপন্যাসখন উন্মোচন কৰি দিয়া ভাষণত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নিহাৰ ৰঞ্জন কলিতাই ছাত্ৰী ধৃতিমাৰ এই ব্যতিক্ৰমী প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে আৰু তেওঁৰ এই আদৰ্শ নৱপ্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ প্ৰতীক হৈ ৰ’ব বুলি অভিহিত কৰে। গ্ৰাম্য পুথিভঁৰাল, বংশৰৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখন সঞ্চালনা কৰি বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কনক দাসে কয় যে কিশোৰী ধৃতিমাই নিশ্চয়কৈ এই বৃহত্তৰ শুৱালকুছি অঞ্চলৰ অন্যতম কনিষ্ঠ উপন্যাসিকা হিচাপে নিজৰ নাম সাব্যস্ত কৰিবলৈ সমৰ্থ হৈছে। সভাত উপস্থিত থকা শৈলেন বৈশ্য, অধ্যাপক ড০ যোগেশ ডেকা, অতুল চন্দ্ৰ দাস, ৰঞ্জিত কুমাৰ টাকু, ড০ ধ্ৰুৱজ্যোতি মালাকৰ, অংগিৰা শৰ্মা, বিকাশ কলিতা, বিউটি কুমাৰী দাস, ৰবীন পাঠক প্ৰমুখ্যে বিভিন্নজন বক্তাই নিজ নিজ বক্তব্যত ধৃতিমা এগৰাকী অতি প্ৰতিশ্ৰুতিপূৰ্ণ লেখিকা বুলি মত পোষণ কৰে।
আনশূয়া কলিতা আৰু পৰিস্মিতা বৈশ্যই যুটীয়াভাৱে আঁত ধৰা এই গ্ৰন্থ উন্মোচনী সভাত কবিতা আবৃত্তি কৰে পূৰৱী শৰ্মাই। কিশোৰীগৰাকীৰ উপন্যাস ‘অস্তিত্ব’ পঢ়ুৱৈ সমাজে আদৰি ল’লে নিশ্চয়কৈ তেওঁ অনুপ্ৰেৰণা লাভ কৰিব বুলি বিভিন্নজনে মতামত ব্যক্ত কৰিছে ৷