নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ ছেপ্টেম্বৰত শেষবাৰৰ বাবে ওলাই যোৱা কাহিলিপাৰাৰ ঘৰত শোকাকুল অনুৰাগীৰ জনসমুদ্র

🔹 অপূর্ণ হৈ ৰ’ল ইউকেলিপটাছ গছৰ দৰে ওখ হোৱাৰ হাবিয়াস

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰ : ইউকেলিপটাছ গছৰ দৰে ওখ হোৱাৰ হাবিয়াস মনতে পুহি ৰাখি কাহানিও নহা বাটেৰেই গুচি গ’ল যুৱপ্রজন্মৰ হার্টথ্র’ব জুবিন গার্গ৷ অসমবাসীক শোকাহত কৰি কালি দিনৰ প্রায় ১ বজাত ছিংগাপুৰৰ পৰা অহা খবৰটোক লৈ সকলোৱে দোদুল্যমান অৱস্থাত আছিল৷ ছিংগাপুৰত এক দুর্ঘটনাত পতিত হৈ শিল্পীগৰাকী সংকটজনক অৱস্থাত চিকিৎসালয়ত ভর্তি হৈ আছিল৷ সেয়েহে বাটে–পথে, সামাজিক মাধ্যম সকলোতে ৰাইজে মৰমৰ শিল্পীগৰাকীক এবাৰলৈ হ’লেও সুস্থ কৰি তোলাৰ প্রার্থনা জনাইছিল৷ কিন্তু দিনৰ প্রায় ২ বজাত শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পাছতে একপ্রকাৰ জনসমুদ্রত পৰিণত হ’ল মহানগৰীৰ ভগদত্তপুৰৰ শিল্পীগৰাকীৰ বাসগৃহ ‘ছিনার্জী, ইম্পেৰিয়েল’ এপার্টমেণ্ট৷

উক্ত এপার্টমেণ্টটোৰ চতুর্থ মহলাৰ ‘ডি–৬’ নং ফ্লেটটোত পিতৃ কপিল ঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গার্গসহ বহু বছৰ ধৰি বাস কৰি আহিছিল শিল্পীগৰাকীয়ে৷ মর্মান্তিক খবৰটো তড়িৎ গতিত বিয়পি পৰাৰ পিছতে উৎকণ্ঠিত অনুৰাগীয়ে এপার্টমেণ্টটোৰ বাহিৰত যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হ’ল৷ প্রিয় শিল্পীগৰাকীক হেৰুৱাই শোকত ভাগি পৰিল বহু অনুৰাগীৰ লগতে স্থানীয় ৰাইজ৷ অঞ্চলটোৰ বাসিন্দাসকলে ৰোমন্থন কৰে শিল্পীগৰাকীৰ সৈতে হোৱা অন্তিমটো দেখা–সাক্ষাতৰ মুহূর্তক৷ যোৱা ৪ ছেপ্টেম্বৰত শিল্পীগৰাকীক শেষবাৰৰ বাবে এপার্টমেণ্টটোৰ পৰা ওলাই যোৱা দেখিছিল বহুজনে৷ এপার্টমেণ্টটোৰ বাসিন্দা তুলু বৰঠাকুৰ নামৰ মহিলাগৰাকীয়ে এই সন্দর্ভত কয় যে ক’লা ৰঙৰ পিছফালে চকা লগোৱা গাড়ীখন যদি আমাৰ এপার্টমেণ্ট চৌহদত থাকে তেন্তে আমি বুজো যে তেওঁ ঘৰতে আছে৷ ৪ ছেপ্টেম্বৰত এবাৰ দেখিছিলোঁ৷ যাবৰ সময়ত বিশেষ কথা–বতৰা হোৱা নাছিল যদিও হাত জোকাৰি পাৰ হৈ গৈছিল৷ ভবা নাছিলোঁ এয়াই যে শেষ দেখা হ’ব৷ লগ পালেই খুৰী বুলি সম্বোধন কৰা জুবিনক আমি ‘আপুনি’ বুলি সম্বোধন কৰিছিলোঁ৷ তেওঁ খুব বেয়া পাইছিল৷ ‘আপুনি’ নহয় ‘তুমি’ বুলিহে মাতিবলৈ কৈছিল৷ আমি তাৰ পিছৰে পৰাই নাম কাঢ়িয়ে সম্বোধন কৰিছিলোঁ৷ আজি এনে এটা দিন হঠাতে যে দেখিব লগা হ’ব সেয়া সপোনতো ভবা নাছিলোঁ৷

লক্ষণীয় যে শিল্পীগৰাকীৰ অকাল বিয়োগৰ পাছতো এই কথাক মানি ল’ব পৰা নাই শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গার্গে৷ শিল্পীগৰাকীৰ একাংশ নিকটাত্মীয়ই জানিবলৈ দিয়া মতে, নিজৰ মাজতে বিভ্রান্তিৰ সৃষ্টি হোৱা গৰিমা শইকীয়া গার্গে বাৰম্বাৰ শিল্পীগৰাকীক ঘূৰি আহিবলৈ আহ্বান জনাই আছে৷ এক অসহনীয় দৃশ্য, যাক ভাষাৰে বুজাব পৰাটোও যথেষ্ট কঠিন৷ অৱশ্যে শোকৰ মাজতে শিল্পীগৰাকীৰ পিতৃ কপিল ঠাকুৰে পুত্রৰ বিয়োগৰ বার্তাক মানি ল’বলৈ চেষ্টা কৰিছে৷ এক বিষাদময় পৰিস্থিতিয়ে সমগ্র ভগদত্তপুৰক সম্প্রতি আৱৰি ধৰিছে৷ বহু অনুৰাগীয়ে আনুষ্ঠানিক খবৰ প্রকাশ হোৱাৰ পাছতো প্রকৃত সত্যক মানি ল’ব বিচৰা নাই৷ সকলোৰে মত একেটাই- পূর্বতেও কেইবাবাৰো তেওঁ অসুস্থ হোৱাৰ ভাও ধৰিছিল৷ এইবাৰো তেনেকুৱাই হৈছে৷ এই খবৰ মিছাও হ’ব পাৰে৷

উল্লেখ্য যে শিল্পীগৰাকীৰ বাসভৱনত সৃষ্ট জনসমুদ্রৰ প্রতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়েও বহুসংখ্যক নিৰাপত্তাৰক্ষী ভগদত্তপুৰ অঞ্চলত মোতায়েন কৰিবলগীয়া হয়৷ বাতৰি লিখা পৰলৈকে ভগদত্তপুৰৰ শিল্পীগৰাকীৰ বাসভৱনত ৰাজ্যৰ বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে উপস্থিত হৈ দুর্ভগীয়া পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে৷

You might also like