নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধু তই মেলি দে তোৰ দুখৰ দুখনি হাত…

🔹 হেমচন্দ্র পাঠক

অসহনীয় ! ভাষাহীন! কিদৰে আৰম্ভ কৰোঁ, কল্পনাই কৰা নাছিলোঁ বন্ধু জুবিন গার্গ যাক আমি গ’ল্ডি বুলি মাতিছিলোঁ তেওঁৰ কথা এনেদৰে লিখিব লাগিব! কথাবোৰ চকুপানী হৈ নিগৰিছে৷
বাকৰুদ্ধ মই; কিয় এনে হয়! জীৱনে কিয় এনেদৰে পৰীক্ষা লয়৷ বহু কথাই ফ্লেশ বেক হৈ হৈ মনৰ মাজত জুমুৰি দি ধৰিছে৷
আজিও মোৰ মনত আছে- গুৱাহাটী ক্লাবৰ ডাঃ ভুবনেশ্বৰ বৰুৱা পথৰ অভাৰব্রিজেৰে দুয়ো গৈ আছোঁ৷ তাৰ প্রচণ্ড খং আৰু ক্ষোভ মিশ্রিত ভাষাৰে মোক কৈছে– ‘মই দেখুৱাই দিম, উইদিন টু থাউজেন জুবিন গার্গ উইল বি এ ছাবটেঞ্চ৷’
তেতিয়া তেওঁ এজন গায়কৰ সৈতে কী–ব’ৰ্ড বজাইছিল৷ জুবিনক যোৰহাটৰ পৰা মাতি পঠিয়াইছিল৷ কিন্তু শিল্পীগৰাকীয়ে অন্য এগৰাকীক গোৱালপাৰাৰ অনুষ্ঠানলৈ লৈ গৈছিল বজাবলৈ৷ সেয়ে জুবিনৰ খং উঠিছিল৷ সেয়া ১৯৯১ চনমানৰ কথা৷ আমি তেতিয়া বি বৰুৱা কলেজৰ ছাত্রাৱাসত থাকোঁ৷ জুবিনে কেতিয়াবা নৈশ বাছেৰে যোৰহাটৰ পৰা আহি পল্টন বজাৰত নামে আৰু মোৰ হোষ্টেল পায়৷ কিন্তু প্রচণ্ড আত্মবিশ্বাসী জুবিন ‘ছাবটেঞ্চ’ হ’বলৈ ২০০০ চনলৈ ৰ’ব লগা নহ’ল৷ ‘অনামিকা’ৰ শ্রব্য কেছেটৰ জৰিয়তে ১৯৯৩ চনতে অসমৰ মানুহৰ মাজত পৰিচিত হৈ পৰিল৷
কেতিয়াবা মই হোষ্টেলত নাথাকিলেও সি যাই কী–ব’ৰ্ডখন থৈ ক’ৰবালৈ যায়৷ ৰুমমেটকেইজনে কী–ব’ৰ্ডখন লিৰিকি–বিদাৰি চায়৷
তেতিয়া তাৰ চুলি দীঘল, মোক অ’লৈ–ত’লৈ যাবলৈ লগ ধৰে৷ তাৰ চুলিখিনিৰ বাবে আমাক সকলোৱে চায় বাবে মই অকণ ইতস্ততবোধ কৰোঁ৷ তেতিয়া কোনোবাই কি কৰা বুলি সুধিলে তাৰ পোনপটীয়া উত্তৰ– ‘মিউজিক কৰোঁ’৷ বহুতে মানে বহু আত্মীয়ই কয়– ‘চাচোন বাপেকটো ইমান ডাঙৰ অফিচাৰ, সি যে কি এইখন কৰি ফুৰে৷’
জুবিন পিছে অটল– নিজ লক্ষ্যত৷ ইতিমধ্যে জুবিনে বি বৰুৱা কলেজৰ বিজ্ঞান শাখাত নামভর্তি কৰিছে৷ সি কয়– ‘পঢ়া–শুনা মোৰ কাম নহয়৷ মোৰ কাম মিউজিক৷’

আমাৰ হোষ্টেললৈ সঘন অহা–যোৱা আৰু সংগীতৰ সৈতে জড়িত বুলি গম পাই ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত পশ্চিমীয়া সংগীত পৰিৱেশনৰ বাবে তেতিয়াৰ অধ্যাপক জগদীশ গোস্বামী, সাধাৰণ সম্পাদক জয়ন্ত মল্ল বৰুৱা আদিয়ে একপ্রকাৰ জোৰ কৰিয়েই জুবিনক লৈ গৈছিল৷ জুবিনে লাভ কৰিছিল স্বর্ণ পদক৷ সেয়া জুবিনৰ বাবে আছিল প্রাৰম্ভিক অৱস্থাৰ এক ডাঙৰ স্বীকৃতি৷
বি বৰুৱা কলেজৰ স্বর্ণজয়ন্তী, ১৯৯৩ চন৷ তেতিয়াৰ বিখ্যাত ভায়া মামা কৌতুক গোষ্ঠী আৰু তেওঁলোকৰ সহযোগী প্রাক্তন শিক্ষার্থীসকলে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত বহু তাৰকা শিল্পীৰ সৈতে জুবিনেও অনুষ্ঠান পৰিৱেশন কৰে৷ মই জনাত সেই অনুষ্ঠানটো গুৱাহাটীত প্রথম ৰাজহুৱা সংগীতানুষ্ঠান৷ তেওঁ যোৰহাটৰ পৰা আহি অনুষ্ঠান কৰিছিল, মাননি আছিল আঠ হেজাৰ৷ তাৰ পাছত জুবিন গার্গে কেতিয়াও পিছলৈ চোৱা নাই৷ এটাৰ পাছত এটা শ্রব্য কেছেট মানুহে আদৰি ল’লে– সপোনৰ সুৰ, মায়া, আশা, জুবিনৰ গান, ৰং, শিশু…৷

কিন্তু পাৰভগা জনপ্রিয়তাৰ মাজত বুৰ গৈ থাকিও কেতিয়াও আমাৰ দৰে স্কুলীয়া বন্ধুবোৰক সময় দিবলৈ পাহৰা নাছিল৷ এক নিষ্কলুষ উদাৰ, দৃঢ়মনা অন্তৰৰ জুবিন আমাৰ বাবে অসাধাৰণ হৈও সাধাৰণ হৈ থাকিল৷ স্কুলীয়া দিনৰ কথা ওলালেই সি নষ্টালজিক হৈ পৰে৷ তামুলপুৰত দেউতাকৰ চৰকাৰী আৱাসৰ বকুলজোপাত উঠি বাইন’কুলাৰ লৈ সন্মুখৰ ছোৱালী হাইস্কুলৰ ছোৱালী চোৱা, সেই স্কুলৰ খেলপথাৰত ক্রিকেট খেলা (সি বৰ ভাল বলিং কৰিছিল), আৱাসৰ পিছফালে থকা আঁহত গছজোপাত জাকে জাকে পৰা হাইঠাৰ কথা, তাতে থাকোঁতে দেউতাকে বাঘ পোহাৰ কথা বৰকৈ মনত পৰিছে৷
বিজনীৰ বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দেউতাকৰ চাকৰি সূত্রে আহি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্রেণীত নামভর্তি কৰিছিল জুবিন বৰঠাকুৰ নামৰ ল’ৰাটোৱে৷ গোল ফ্রেমৰ চছমা পিন্ধা চাইকেল চলাই স্কুললৈ অহা ল’ৰাটো কম দিনৰ ভিতৰতে আমাৰ ঘনিষ্ঠ হৈ পৰিল৷ সহপাঠী হিচাপে লক্ষ্য কৰিছিলোঁ জুবিনৰ প্রখৰ বুদ্ধিমত্তাৰ কথা৷ সেয়া ১৯৮৬ চনৰ কথা৷ তেতিয়া হাকিমৰ ল’ৰা জুবিনৰ মুকলিমূৰীয়া মনটোৱে আমাক আকর্ষিত কৰিছিল৷
ঘৰলৈ গৈ দেখিছিলোঁ হাৰমণিয়াম, তবলা, গীটাৰৰ পৰা আৰম্ভ কৰি কী–ব’ৰ্ডলৈ সকলো আছে৷ আছে কিতাপভর্তি আলমাৰি৷ সি সকলো বজাব জানে৷ বিজনীত ৰমণী ছাৰৰ ওচৰত হেনো তবলা শিকি বিশাৰদ হৈছে৷ আৰু কিতাপৰ আলমাৰিটো আমাৰ বাবে আছিল বিস্ময়, বহু বিশ্ববিখ্যাত কিতাপেৰে ঠাহ খাই আছিল৷ সেইবোৰ সি তেতিয়াই পঢ়িছিল৷ স্কুলত প্রয়াত ৰজনী ৰাজবংশী, জুবিন আৰু মই একেৰাহে কেইবাবাৰো কুইজ প্রতিযোগিতাত প্রথম হৈছিলোঁ৷ স্কুলত লগৰবোৰে কৰা একাংক নাট এখনত কী–ব’ৰ্ডখনেৰে সংগীতৰ দায়িত্বও লৈছিল৷ এতিয়াও মনত আছে৷ মটঙাপাৰ মিলিত জনসংঘই পতা ৰঙালী বিহু সন্মিলনত জংকীয়ে হাৰমণিয়াম বজাই গীত গাওঁতে জুবিনে তবলা বজাইছিল৷ সি গাইছিল, ‘দূৰৰ নীলিম বতাহ জাকে…’ গীতটো, সংগত কৰিছিল কনক গায়ন আৰু দুদুল চৌধুৰীয়ে৷ তেতিয়াই গীত, সংগীতৰ বহু কথাই জুবিনে কৈছিল, আমাৰ মগজুত সোমোৱা নাছিল৷ মেট্রিক পৰীক্ষাৰ সময়ত যি মোক অংক শিকাইছিল৷ পৰীক্ষাৰ বিৰতিৰ দিনা আমি ক্রিকেট খেলিছিলোঁ৷ সি ৭৫ শতাংশ নম্বৰ লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈছিল৷ ১৯৮৮ চনতে দেউতাকৰ চাকৰি সূত্রে সৰুপথাৰলৈ বদলি হোৱাত তামুলপুৰ এৰি জুবিনহঁতৰ পৰিয়ালটো যোৰহাটত থাকিবলৈ ল’লে৷ জেবি কলেজত বিজ্ঞান শাখাত নামভর্তি কৰি তেওঁ সংগীত সাধনাৰ এখন বহল ক্ষেত্র লাভ কৰে৷
আমি তামুলপুৰৰ পৰা এৰা–এৰি হওঁতে মই আগবঢ়াই দিয়া অটোগ্রাফ বহীখনত সি লিখিছিল– ‘বন্ধু তই মেলিদে তোৰ দুখনি হাত এবাৰ জিৰাও তোৰ বুকুৰ শীতল ছাঁত…’ শীর্ষক সেই বিখ্যাত গীতৰ কলি৷ পিছৰ জীৱনত অজস্র অনুৰাগীক অযুত নিযুত অটোগ্রাফ দিয়া জুবিন গার্গ নামৰ প্রখ্যাত শিল্পীজনাৰ সেয়াই আছিল প্রথমটো ‘অটোগ্রাফ’৷
বিখ্যাত গায়িকা কবিতা কৃষ্ণমূর্তিৰ সৈতে গোৱা পূর্বোক্ত ‘অনামিকা’ শ্রব্য কেছেটটোৱে আনি দিয়া সমাদৰে জুবিনক খ্যাতিৰ শীর্ষত আৰোহণ কৰালে৷ তেতিয়াই আমি লোৱা জুবিনৰ এটি সাক্ষাৎকাৰ (১৯৯৪ চনত) ‘আজিৰ বাতৰি’ কাকতখনত প্রকাশ হৈছিল৷ সেয়া আছিল গুৱাহাটীৰ পৰা প্রকাশিত বাতৰিকাকতত জুবিনৰ প্রথমটো সাক্ষাৎকাৰ৷
ৰাষ্ট্রীয় স্তৰত কাম কৰাৰ বাবে ১৯৯৫–৯৬ চনমানত জুবিনে মুম্বাইলৈ যায়গৈ৷ সেই সময়তে (১৯৯৬ চনত) মুক্তি পোৱা প্রথমটো বিহু গীতৰ শ্রব্য কেছেট ‘উজান পিৰীতি’য়ে শ্রোতাৰ অভূতপূর্ব সমাদৰ লাভ কৰে৷
লাহে লাহে বৰগীত, কামৰূপী লোকগীত, টোকাৰী, বনগীত আদি বিভিন্ন গীতত কণ্ঠদান কৰি জুবিনে নিজকে এগৰাকী অবিসম্বাদী শিল্পীৰূপে প্রতিষ্ঠা কৰে৷
এনেতে মুম্বাইতো ‘ফিজা’ শীর্ষক এখন ছবিত হামিং পার্টটোত জুবিনে কণ্ঠদান কৰাটো আছিল আমাৰ বাবে এক বিৰাট আনন্দৰ খবৰ৷ এনেকৈয়ে জুবিনে পশ্চিমবংগতো ‘শুধু তুমি’ শীর্ষক এটি কেছেটেৰে জনপ্রিয়তা লাভ কৰিলে৷ মুম্বাই, কলিকতা, গুৱাহাটী তিনিও ঠাইৰে সংগীতৰ জগতত জুবিনে দপ্দপাই থাকিল৷ দেশে–বিদেশে বহু সন্মান বুটলিলে৷
জুবিনৰ কাহিনী, সংগীত আৰু পৰিচালনাৰে ২০০০ চনত মুক্তি পোৱা এন কে প্রডাকচনৰ ‘তুমি মোৰ মাথোঁ মোৰ’ ছবিখনেৰে চলচ্চিত্র মাধ্যমতো জুবিনৰ সশ্রদ্ধ প্রৱেশ ঘটিল৷ জুবিনেই ‘মিছন চাইনা’ৰ জৰিয়তে অসমীয়া চলচ্চিত্রৰ স্থবিৰতা আঁতৰালে৷ ‘কাঞ্চনজংঘা’য়ো পালে অভাৱনীয় সফলতা৷
‘তুমি মোৰ….’ জৰিয়তে চলচ্চিত্রৰ অভিনয় জগততো খোজ দিয়া জুবিনে পাছলৈ এম মণিৰামৰ ‘মন যায়’, মুনিন বৰুৱাৰ ‘দীনবন্ধু’ৰ জৰিয়তে অভিনয়ৰ নতুন ক্ষেত্রখনত বলিষ্ঠ খোজ পেলায়৷
সংগীত, চলচ্চিত্র নির্মাণ, অভিনয় য’তেই হাত দিছে যেন ‘মিডাচ টাচ্চ’৷ তাৰ মাজতে কোনোবাৰ কলেজত নামভর্তিৰ অসুবিধা, কাৰোবাৰ চিকিৎসাৰ বাবে দৰব ক্রয়ৰ পইচা নাই, কাৰোবাৰ কন্যাৰ বিবাহ– সকলো সময়তে আর্তজনৰ কাষত থিয় দি মহানুভৱতাৰ পৰিচয় দিছে৷
সময় পালে গছপুলি ৰুইছে, প্রকৃতি ধ্বংসৰ বিৰুদ্ধে দহজনৰ লগত ৰাজপথত থিয় দিছে৷ জাতিৰ দুর্যোগৰ সময়তো উদাত্ত কণ্ঠে সকলোকে জগাইছে৷ সঁচা অর্থত এক ‘ভার্ছেটাইল জিনিয়াছ’৷
এক অভাৱনীয় পৰিস্থিতিত বিদেশৰ মাটিত অকালতে হেৰাই গ’ল এক বিৰল প্রতিভা৷ প্রায় চাৰিটা দশকৰ হার্দিক বন্ধুত্বৰ অৱসান ইমান সোনকালে হ’ব সেয়া অকল্পনীয়৷
বন্ধুত্বৰ আব্দাৰ ৰাখি আমাৰ স্কুলৰ স্বর্ণজয়ন্তীত (২০০২) সংগীত পৰিৱেশন কৰা জুবিনে ২০২৪ত স্কুলৰ প্রাক্তন ছাত্র–ছাত্রীৰ সমাৰোহতো অংশগ্রহণ কৰি আমাক ধন্য কৰিলে৷
একোটা বর্ষতে গুৱাহাটীৰ বি বৰুৱা কলেজৰ প্রাক্তন বিদ্যার্থী সংস্থাই নেহৰু ষ্টেডিয়ামত আয়োজন কৰা ৮২ বছৰীয়া প্রতিষ্ঠা দিৱসৰ সাংস্কৃতিক সন্ধিয়াটোৰ আয়োজকৰ ভূমিকা লোৱাৰ লগতে অসমৰ খ্যাতনামা ১০–১২গৰাকী শিল্পীক আমন্ত্রণ কৰি আনি আমাক ধন্য কৰিছিল তেওঁ৷
হে মহান ‘সূর্যকণ্ঠ’ কিদৰে প্রবোধ দিওঁ তুমি নাই বুলি৷ মাতৃ, ভগ্ণীক হেৰুৱাই নাভাগৰা তুমি কিয় আজি জীৱন যুঁজত ভাগৰি পৰিলা৷
প্রতিটো দিনেই যাৰ গীতেৰে দিনটো আৰম্ভ আৰু শেষ হয় সেইগৰাকী শিল্পীক বন্ধু হিচাপে পোৱাটো আমাৰ বাবে আছিল এক বিৰাট পৰিঘটনা৷ বুকুৰ শীতল ছাঁত জিৰাবলৈ তুমি যে নাই সেই কথা জানো ভাবিব পাৰি৷

You might also like