নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰশী বাবলৈ আৰু কোনোদিনেই বোৰ্কালৈ নাযায় জুবিন

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰ : জুবিন গাৰ্গ আৰু নাই…। বিশ্বাস কৰিব নোৱাৰা খবৰটোৱে যেন সকলো স্তব্ধ কৰি পেলালে । সকলোৱে ভাবিছিল- ধুমুহাৰ গতিৰে অহা খবৰটো মিছা হওক। কিন্তু ভবাৰ দৰে নহ’ল । সঁচাকৈয়ে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। কোনোদিনেই উভতি নহাৰ বাটেৰে তেওঁ আমাৰ মাজৰ পৰা চিৰবিদায় ল’লে । উকা হৈ পৰিল ৰাজ্যবাসীৰ বুকু ।

অসহনীয়, অতি মৰ্মান্তিক তথা বেদনাদায়ক খবৰটোৱে যেন স্তব্ধ কৰি পেলালে বহু সপোন। হিয়াৰ আমঠু শিল্পীগৰাকীক হেৰুৱাব লগা হোৱাটো অসমবাসীৰ বাবে কিমান কষ্টকৰ, তাক ভাষা-শব্দৰে বুজাই ক’ব নোৱাৰি । এতিয়া যিফালেই চায়, সেইফালেই কেৱল শূন্যতা…।

জুবিনৰ মৃত্যুৰ খবৰটো পোৱাৰ পিছতে চাংসাৰিৰ বোৰ্কাতো এখন ঘৰত নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে। কাৰণ এই ঘৰখনৰ লগত আছিল জুবিনৰ আত্মিক সম্পৰ্ক । বহুবাৰ এই ঘৰখনলৈ জুবিন গাৰ্গ গৈছে । পৰিয়ালটোৰ লগত ভাত খাইছে । পুখুৰীত বৰশী বাই ল’ৰালি মন কটাইছে। আমোদ লৈছে।

গুৱাহাটী মহানগৰীৰ উপকণ্ঠ চাংসাৰিৰ নিকটতম বোৰ্কাৰ যুৱকজনৰ নাম হেমন্ত ডেকা। জুবিনৰ সংগীতানুষ্ঠানত ছাউণ্ড তথা বৈদ্যুতিক ব্যৱস্থাপনাৰ লগত মাজে মাজে কাম কৰিছিল হেমন্ত ডেকাই । হেমন্তৰ কাম ভাল পাইছিল জুবিনে । সেইসূত্ৰে ভাই-ককায়েকৰ দৰে দুয়োজনৰ মাজত গঢ় লৈছিল সম্পৰ্ক । এই সান্নিধ্য আৰু আত্মীয়তাৰ পৰিচয়ত হেমন্ত ডেকাৰ ঘৰত পদাৰ্পণ হৈছিল জুবিনৰ । হেমন্ত ডেকাৰ ঘৰলৈ গৈয়ে পৰিয়ালৰ এজন সদস্য হিচাপে সকলোৰে লগত মিলি গৈছিল জুবিন । খবৰ লৈছিল । তাৰ পাছত মনলৈ যি আহিছিল তাকেই কৰিছিল, যেন তেওঁ এজন সৰু ল’ৰাহে ।

ইপিনে, সময়ৰ ছেগ বুজি মাজে মাজে বোৰ্কাৰ এই ঘৰখনত নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আগমনৰ খবৰে বোৰ্কাৰ লগতে সমগ্ৰ অঞ্চলবাসীক কৌতূহলী কৰি তুলিছিল । সুবিধা পালেই ছেলফি বা ফটো ল’বলৈ এৰা নাছিল কোনেও । বঞ্চিতসকলে হয়তো ভাবিছিল প্ৰিয় শিল্পীগৰাকী বোৰ্কাৰ সেই ঘৰখনলৈ আৰু যেতিয়াই আহিব তেতিয়া ছেলফি এখন লৈহে এৰিব । কিন্তু নিমিষতে তেওঁলোকৰ সপোনবোৰ ভাগি থাকিল ।

জুবিন গাৰ্গ আৰু বোৰ্কালৈ কেতিয়াও নাযায় । নাযায় বৰশী বাবলৈ কোনোদিনে । জুবিন অসম আৰু অসমীয়াৰ মাজত সদায় জিলিকি থাকক- তাৰেই কামনা ।

You might also like