🔹 অসমীয়াৰ প্রাণৰ শিল্পীৰ বিয়োগত মুখ্যমন্ত্রীৰ আৱেগিক পোষ্ট
বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : প্রিয় শিল্পীক হেৰুওৱাৰ বেদনাত শোকার্ত অগণিতজন৷ চৌদিশে শোক সমদল–শ্রদ্ধাঞ্জলি অনুষ্ঠান৷ স্বতঃস্ফূর্তভাৱে শদিয়াৰ পৰা ধুবুৰীলৈ স্তব্ধ হৈ পৰিছে সমগ্র ৰাজ্য৷ এক কথাত ক’বলৈ গ’লে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক হেৰুওৱাৰ পিছত হার্টথ্র’ব জুবিন গার্গৰ আকস্মিক–দুর্ভাগ্যজনক বিয়োগত অসমজুৰি শোকৰ বন্যা বৈছে৷ জুবিন গার্গৰ বিয়োগত অনুৰাগী–গুণমুগ্ধসকলৰ সমান্তৰালভাৱে আৱেগিক হৈ পৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও৷
সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড০ শর্মাই কেইবাটাও আৱেগিক পোষ্ট দিয়া পৰিলক্ষিত হয়৷ এটা পোষ্টত মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ পিতৃ গীতিকাৰ প্রয়াত কৈলাশ নাথ শর্মাৰ গীতেৰে শ্রদ্ধাঞ্জলি জনাইছে জুবিন গার্গলৈ৷ পোষ্টটোত তেওঁ লিখিছে– কালিৰে পৰা খুব আৱেগিক হৈছোঁ, হতাশ হৈছোঁ৷ বিভিন্ন সময়ত জুবিন বোলা এই অত্যন্ত প্রতিভাধৰ সত্তাটিৰ সৈতে মই কথা পাতিছোঁ, মিলিত হৈছোঁ৷ ব্যক্তিগতভাৱে আজি মনত পৰিছে মোৰ দেউতা প্রয়াত কৈলাশ নাথ শর্মাদেৱে লিখা বহু কবিতা–গীতৰ অনন্য ‘লিজেণ্ড’ শিল্পী জুবিন গার্গে কৰা সুৰ তথা তেওঁ নিজে কণ্ঠ নিগৰোৱা সময়খিনিলৈ৷ মই আচৰিত হৈছিলোঁ, দেউতাই লিখা কেইবাটাও গীত তেওঁ একেটা দিনতেই সুৰ কৰি তুলিছিল৷ আৰু তাতকৈও আচৰিত হৈছিলোঁ– সাধাৰণতে সুৰ কৰোঁতে গীতিকাৰৰ কিছু শব্দ সুৰকাৰে সলনি কৰে বা ইফাল–সিফাল কৰে৷ কিন্তু দেউতাৰ প্রতিটো শব্দত কোনো হাত নুফুৰোৱাকৈ জুবিন গার্গে সুৰ কৰিছিল, গাইছিল৷ কথাবোৰে আজি অসমৰ প্রতিজন লোকৰ দৰে মোকো বহুত আমনি কৰিছে৷ দেউতাই লিখা জুবিনৰ সুৰ–কণ্ঠৰ এটি গীত আছিল– ‘ৰুণজুন নূপুৰে মাতে, কি সাজ সাজে কুঁহিপাতে, মন মোৰ বলিয়া কৰে, কুহু কুহু কুলিৰ মাতে’৷
ইয়াৰ পিছত মুখ্যমন্ত্রী ড০ শর্মাৰ আন এক আৱেগপূর্ণ পোষ্ট– মৃত্যু এক চিৰন্তন প্রক্রিয়াৰ অংশ মাথোঁ, তথাপি ই জানো ইমান সুলভ হ’ব পাৰে, নাই বোলোতেই নোহোৱা হৈ যোৱা কথাটি ইমান সহজতে মানিব পাৰি জানো নোৱাৰি৷ মৰমৰ জুবিন নাই বোলা কথাটোও মানি ল’ব পৰা নাই, গোটেই অসমে পৰা নাই৷ অসমৰ প্রতিগৰাকী ব্যক্তিৰ হূদয়েই যে জুবিনৰ ঘৰ, আপোন ঘৰ…৷ মৰমৰ শিল্পীজনাক আনিবলৈ নতুন দিল্লীলৈ গৈ আছোঁ৷ গুৱাহাটী বিমানবন্দৰলৈ আহি থকাৰ বাটত মায়াৱিনীৰ বিশেষ ক্লিপটো দেখি ৰৈ গৈছিলোঁ, বাৰে বাৰে চাইছিলোঁ, জুবিনে কোৱা সেই কথাকেইটাই মূক কৰি তুলিছিল৷ আজি চৌদিশে মায়াৱিনী বাজিছে, হিয়া উজাৰি গাইছে সকলোৱে৷ গুণমুগ্ধ–অনুৰাগীয়ে নিজৰ অতি মৰমৰ শিল্পীগৰাকীৰ কথা ৰাখিছে৷ এনে প্রাপ্তিও বিৰলতকৈ বিৰল৷ আমাৰ হূদয়ৰ অন্তহীন স্পন্দন জুবিন।
মুখ্যমন্ত্রী ড০ শর্মাই আন এক পোষ্টত জুবিন গার্গক আজিৰ সময়ৰ শ্রেষ্ঠতম সম্পদ আখ্যা দিছে৷ তেওঁ লিখিছে– শৈশৱত জ্যোতি–বিষ্ণুৰ গীত শুনিছিলোঁ, যৌৱনত ভূপেনদাৰ কণ্ঠস্বৰে আমাক আলোড়িত কৰি ৰাখিছিল আৰু যোৱা ২০ বছৰে জুবিন গার্গৰ গীতে মোহাচ্ছন্ন কৰি ৰাখিছে৷ মই বিশ্বাস কৰোঁ, জ্যোতি–বিষ্ণু–ভূপেনদা যেনেদৰে জাতীয় জীৱনৰ সম্পদ, জুবিন আজিৰ সময়ৰ শ্রেষ্ঠতম সম্পদ৷ জুবিন গার্গ আজিৰ প্রজন্মৰ বাবে সর্বশ্রেষ্ঠ উপহাৰ৷ জুবিনৰ গানে যুগ–যুগলৈ অসমীয়াক আলোড়িত কৰি ৰাখিব৷ ২০২৩ চনত এক অনুষ্ঠানত বহুদিনৰ পৰাই জুবিন সম্পর্কে ক’ম ক’ম বুলি ভাবি থকা কথাখিনি কৈছিলোঁ এনেদৰে– আজি অসমৰ আকাশখন গোমা হৈ পৰিছে, নহ’বনো কিয় আজি যে জুবিনহীন প্রথমটো দিন৷ জুবিন নামৰ মহাকাব্যখন অসমৰ বাবে এক শ্রেষ্ঠ উপহাৰ হৈ চিৰদিন ভাস্বৰ হৈ থাকিব৷ জুবিনলৈ অন্তৰতম শ্রদ্ধাঞ্জলি৷