🔹 অন্তিম শয়নত দুর্দান্ত সাংগীতিক প্রতিভা
বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : আজি সৰুসজাইত ৰৈ থাকিব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন। সকলোৱে আহিব এবাৰ প্ৰাণতকৈ আপোন শিল্পীগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ। অন্তিমবাৰৰ বাবে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মুখখন এবাৰ চোৱাৰ বাবে অধীৰ অপেক্ষাৰে বাট চাই আছিল তেওঁৰ অগণন গুণমুগ্ধই। অৱশেষত সেই ক্ষণ উপনীত। লক্ষ লক্ষ জুবিন অনুৰাগীয়ে আজি পুৱাৰে পৰা ভিৰ কৰে বিমান বন্দৰৰ লগতে সৰুসজাইত। সকলোৰে কেৱল এটাই আশা- শেষবাৰলৈ বুকুৰ আপোন শিল্পীগৰাকীক এষাৰ মাত লগোৱা। ইতিমধ্যে প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহ আহি মাতৃভূমি পালেহি।
উল্লেখ্য যে নর্থ–ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ গৈ দুর্ভাগ্যজনকভাৱে অন্তিম শয়নত শুই পৰা দুর্দান্ত সাংগীতিক প্রতিভা জুবিন গার্গৰ মৰণোত্তৰ পৰীক্ষা কালি ছিংগাপুৰতে সম্পন্ন হয়৷ ইয়াৰ পিছতে জনপ্রিয় কণ্ঠশিল্পী–সংগীত পৰিচালক–অভিনেতা–নির্মার্তা জুবিন গার্গৰ নশ্বৰদেহ ছিংগাপুৰস্থিত ভাৰতীয় দূতাৱাসৰ বিষয়াসকলৰ উপস্থিতিত তেওঁৰ সহযাত্রী শেখৰজ্যোতি গোস্বামী, সন্দীপন গার্গ আৰু মেনেজাৰ সিদ্ধার্থ শর্মাক চমজাই দিয়ে৷ তাৰ পৰা বিশেষ বিমানযোগে জুবিন গার্গৰ নশ্বৰদেহ নতুন দিল্লীলৈ অনা হয়৷ নতুন দিল্লীৰ পৰা তেওঁৰ পার্থিৱ শৰীৰ গুৱাহাটীলৈ অনাৰ পিছত বিমানবন্দৰ চৌহদ জয় জুবিনদা ধ্বনিৰে নিনাদিত হৈ পৰে।
বিমানবন্দৰতে জুবিনৰ অজস্ৰ অনুৰাগীয়ে ভিৰ কৰি কান্দোনত ভাগি পৰে। বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়েও প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহ ওচৰত পাই হিয়া ঢাকুৰি কান্দে। সকলো ফালে কেৱল জয় জুবিনদা ধ্বনি। বিমান বন্দৰৰ পৰা পোনে পোনে পুষ্পসজ্জিত বাহনেৰে জুবিনক কাহিলিপাৰাৰ বাসগৃহলৈ অনাৰ সময়তো অজস্ৰ গুণমুগ্ধই ৰাস্তাত ভিৰ কৰে। বিমানবন্দৰৰ পৰা কাহিলাপাৰাৰ বাসগৃহলৈ জুবিনৰ নশ্বৰ দেহ লৈ অহা পুষ্পসজ্জিত বাহনখনতে পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিনৰ কাষতে বহি আহে। নিজৰ মানুহজনৰ অন্তিম বিদায়- কি স’তেনো সহে! গামোচাৰে ঢকা কফিনৰ ভিতৰত জুবিনৰ নিথৰ দেহ। নিজৰ প্ৰাণৰ আপোন মানুহজনৰ নিথৰ দেহ কাষতে লৈ বৰঝাৰৰ পৰা কাহিলাপাৰাৰ বাসগৃহলৈ আগবাঢ়িছে পত্নী গৰিমা শইকীয়া গাৰ্গ। চাৰিওফালে কেৱল মানুহ আৰু মানুহ। সকলোৰে মুখত এটাই ধ্বনি- জয় জুবিনদা। সকলোৱে কেৱল নিজৰ প্ৰাণৰ শিল্পীগৰাকীক এবাৰ চুই চোৱাৰ বাবে ৰাস্তাৰ দুয়োকাষে ভিৰ কৰিছে।
কাহিলিপাৰাৰ বাসগৃহত ৰীতি-নীতি সম্পন্ন হোৱাৰ পাছতে ৰাজহুৱা শ্রদ্ধাঞ্জলিৰ বাবে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক লৈ যোৱা হ’ব সৰুসজাইলৈ। অজস্ৰ অনুৰাগীৰ বাবে জুবিন গার্গৰ সৈতে একান্তভাৱে কটোৱাৰ এইখিনিয়েই শেষ সময়৷ সৰুসজাইতে জনপ্রিয় শিল্পীগৰাকীক লক্ষ লক্ষ গুণমুগ্ধই শেষ দর্শন কৰাৰ লগতে শ্রদ্ধাঞ্জলি জনাব। সৰুসজাইৰ ৰাজহুৱা শ্রদ্ধাঞ্জলিস্থলীত উপযুক্ত পার্কিঙৰ ব্যৱস্থা, খোৱাপানী, অনাময়ৰ সা–সুবিধা, চিকিৎসা ব্যৱস্থা আদিও পর্যাপ্ত ৰূপত উপলব্ধ কৰাবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়া হৈছে৷ সেইদৰে যান–জঁট নিয়ন্ত্রণৰ স্বার্থত ৰাজহুৱা শ্রদ্ধাঞ্জলিৰ সময়ছোৱাত ক্রীড়া প্রকল্পৰ কাষত ৰাষ্ট্রীয় ঘাইপথেদি গধুৰ যান–বাহনৰ চলাচল নিয়ন্ত্রণৰ পদক্ষেপ গ্রহণ কৰিবলৈও যান–বাহন আৰক্ষীক নির্দেশ দিয়া হৈছে৷