নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এষ্টেডিয়াম অনুৰাগীৰ মাজত নীৰৱে শুই আছে জুবিন

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : এটা অমৃতকণ্ঠ৷ প্রতিজন অসমীয়াৰ হূদয়ে হূদয়ে গুঞ্জৰিত হৈ আছে যাৰ সংগীতৰ সপ্তস্বৰ৷ মাতৃভূমিত ভৰি থৈয়ে যেন তেওঁ কৈ উঠিছে- মই এতিয়া আপোনালোকৰ ওচৰতে থাকিম।

সৰুসজাইত এষ্টেডিয়াম মানুহে আগুৰি ৰাখিছে আপোন শিল্পী জুবিন গাৰ্গক। কিমান ভালপোৱা, কিমান মৰম থাকিলে এয়া সম্ভৱ! জীৱন কালত সংগীতৰ জগতত অলেখ অভিলেখ ৰচা তেওঁৰ মৃত্যুও এক অভিলেখ হৈ ৰ’ল। সমগ্ৰ বিশ্বত অতি কমসংখ্যক লোককহে শেষ বিদায় জনাবলৈ এইদৰে সমৱেত হয় লাখ লাখ জনতা। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এই অন্তিম যাত্ৰাতো সমৱেত হৈছে লাখ লাখ জনতা।

প্ৰিয় শিল্পীগৰাকীৰ অন্তিম বিদায় বেলাত তেওঁৰ অজস্ৰ অনুৰাগীয়ে আজি অশ্ৰুসিক্ত নয়নেৰে উপস্থিত হৈছে সৰুসজাই ষ্টেডিয়ামত। সকলোৰে চকুত কেৱল চকুপানী আৰু মুখত জয় জুবিন দা ধ্বনি।

আজি পুৱতি নিশা গুৱাহাটী বিমানবন্দৰলৈ জুবিনৰ নশ্বৰ দেহ অনাৰে পৰা লাখ লাখ জুবিনপ্ৰেমীয়ে ভিৰ কৰে। বিমানবন্দৰৰ পৰা আপোন শিল্পীগৰাকীক প্ৰথমে কাহিলিপাৰাৰ ঘৰলৈ পুষ্পসজ্জিত বাহনত লৈ অনাৰ সময়তো সংগ দিয়ে কেইবাসহস্ৰ জনতাই। প্ৰিয় শিল্পীগৰাকীৰ বিদায় ক্ষণ স্মৰণীয় কৰিবলৈ কোনেও যেন কৃপণালি কৰা নাই। কাহিলিপাৰাৰ ঘৰখনত পৰিয়ালৰ লোকৰ দৰ্শনৰ পিছত অসমীয়াৰ হিয়াৰ আমঠু জুবিনক লৈ যোৱা হয় সৰুসজাই ষ্টেডিয়ামলৈ। প্ৰিয় মানুহজনৰ বাবে মাজনিশাৰ পৰাই সৰুসজাই ষ্টেডিয়ামত ৰৈ আছিল লাখ লাখ অনুৰাগী।

আজি সকলো আহিছে কেৱল আপোন শিল্পীগৰাকী নীৰৱে শুই থকা সৰুসজাই ষ্টেডিয়ামলৈ। আহিয়েই আছে মানুহ, চৌদিশে কেৱল মানুহ আৰু মানুহ। জুবিনক শেষ বিদায় জনোৱাৰ এই অন্তিম ক্ষণত কিমান জনতা সমৱেত হৈছে, গণনা কৰা অসম্ভৱ। এতিয়ালৈ প্ৰায় ২০ লক্ষ মানুহৰ সমাগম হোৱাৰ ধাৰণা কৰা হৈছে। এই সংখ্যা কিমান বৃদ্ধি পাব, সেয়া এই মুহূৰ্তত কল্পনা কৰাটোও কঠিন। সকলোৰে কেৱল এটাই লক্ষ্য- আপোন শিল্পীগৰাকীক এবাৰ ওচৰৰ পৰা প্ৰত্যক্ষ কৰা। এই সংখ্যাই ৫০ লক্ষ অতিক্ৰম কৰাৰ অনুমান কৰা হৈছে।

You might also like