নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হে অমৃতকণ্ঠ তোমাক শতকোটি প্রণাম… আজি প্রাণৰ শিল্পীৰ চিৰবিদায় যাত্রা

অচিন দেশত শান্তিৰে থকাৰ লক্ষ লক্ষজনৰ শতকোটি প্রণাম–আশিস শিৰত লৈ চিৰবিদায়ৰ যাত্রাত কাইলৈ বাট বুলিব জুবিন গার্গে৷ সৰুসজাইত সমৱেত অগণিত গুণমুগ্ধই বিশাদ–বিমর্ষ হৈ চকুপানী বোৱাই দুটা দিন অন্তিম শ্রদ্ধা জনোৱাৰ পিছত প্রাণৰ শিল্পীৰ নশ্বৰদেহ ‘স্বর্গৰথ’ত উঠাই যোৰাবাটৰ সমীপৱর্তী কমাৰকুছিৰ হাতীমূৰাৰ অন্তিম শয়নথলীলৈ লৈ হল৷

অন্তিমযাত্রাত এখন এম্বুলেঞ্চত জুবিন গার্গৰ পার্থিৱ শৰীৰ লৈ যোৱা হ’ব৷ য’ত থাকিব তেওঁৰ পত্নী গৰিমা শইকীয়া গার্গ আৰু ঘনিষ্ঠ কেইজনমান৷ ইতিমধ্যে জুবিন গার্গৰ পৰিয়ালৰ তৰফৰ পৰা ৮৫জনীয়া এখন তালিকা দাখিল কৰা হৈছে৷ এই ৮৫জন ব্যক্তিক প্রয়োজনীয় বাছেৰে লৈ যোৱাৰ বিপৰীতে শোক সমদলত আন কোনো যান–বাহন নাথাকে৷

যিদৰে বিমানবন্দৰৰ পৰা লাহে লাহে নশ্বৰদেহ লৈ অহা হৈছিল, সেইদৰেই অন্ত্যেষ্টিক্রিয়া থলী কমাৰকুছি হাতীমূৰালৈ লৈ যোৱা হ’ব৷ ৰাস্তাৰ দুয়োকাষে মানুহ থাকিব৷ যিসকলে শেষ শ্রদ্ধা জনাব বিচাৰে, তাত কোনো অসুবিধা নাই৷ সেইদৰে সাধাৰণ লোকে পার্থিৱ শৰীৰৰ লগত খোজকাঢ়ি যাব পাৰিব বুলি মন্তব্য কৰি তেওঁ কয় যে সাধাৰণ লোকৰ ক্ষেত্রত কোনো প্রতিবন্ধকতা নাথাকে৷ প্রতিবন্ধকতা থাকিব যান–বাহন লৈ যোৱাৰ ক্ষেত্রতহে৷ আজিৰ পৰাই আমি ৰাষ্ট্রীয় ঘাইপথছোৱাত ট্রাক আদি যান–বাহন চলোৱা বন্ধ কৰি দিছোঁ৷ গাড়ী লৈ যিসকলে যাব বিচাৰে, তেওঁলোকক আমি আমচিং যোৰাবাট পথেৰে যাব কৈছোঁ৷

আজি বিয়লি ৪ বজাপর্যন্ত ৰাষ্ট্রীয় ঘাইপথত সৰু–বৰ যান–বাহনৰ চলাচল বন্ধ থাকিব৷ একে সময়তে তেওঁ জনসমাগম নিয়ন্ত্রণ কৰিব নোৱাৰাৰ প্রসংগও উল্লেখ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মই জনসমাগম নিয়ন্ত্রণ কৰিব নোৱাৰিম৷ কেৱল য’ত অন্ত্যেষ্টিক্রিয়া হ’ব তাত ৫ৰ পৰা ৭ হাজাৰ মানুহ বহিব পৰাৰ কথাহে মই কৈছোঁ৷ জুবিন গার্গৰ শেষকৃত্য চোৱাৰ আটাইতকৈ ভাল মাধ্যমটো টেলিভিছন বুলি মই ভাবো৷ গাঁৱৰ যুৱকসকলে নামঘৰ বা বিভিন্ন ৰাজহুৱা স্থানত টিভি লগাই সকলোৱে একেলগে জুবিনক শেষ শ্রদ্ধা জনাব পাৰে৷ তদুপৰি আমাৰ চৰকাৰৰ যিমান এলইডি স্ক্রীণ আছে তাতো অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানৰ সম্প্রচাৰ কৰিম৷

গুৱাহাটী তথা আন নগৰসমূহতো এলইডি স্ক্রীণ লগোৱাৰ ব্যৱস্থা কৰি দিয়া হ’ব৷ জুবিন গার্গৰ অন্ত্যেষ্টিক্রিয়াত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রতিনিধি হিচাপে কেন্দ্রীয় সংসদীয় পৰিক্রমা মন্ত্রী কিৰেন ৰিজিজু উপস্থিত থাকিব৷ এই বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেন্দ্রীয় সংসদীয় পৰিক্রমা মন্ত্রী কিৰেন ৰিজিজুক প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ তেওঁৰ প্রতিনিধি হিচাপে উপস্থিত থকাৰ বাবে মনোনীত কৰিছে৷ আমি নির্দিষ্ট কেইজনমান ব্যক্তিক আনুষ্ঠানিকভাৱে অন্ত্যেষ্টিক্রিয়ালৈ নিমন্ত্রণ কৰিম৷ অসম বিধানসভাৰ অধ্যক্ষ, মুখ্যমন্ত্রী, বিৰোধী দলপতি, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, আছুৰ দুজনীয়া প্রতিনিধি, অসম সাহিত্য সভাৰ সভাপতি–সম্পাদক, জুবিন গার্গৰ নিকটতম পৰিয়ালবর্গ, চলচ্চিত্র কলা–কুশলীৰ এজন প্রতিনিধি আৰু মেঘালয়ৰ উপ–মুখ্যমন্ত্রীসহ মন্ত্রীসভাৰ এটা প্রতিনিধি দল উপস্থিত থাকিব৷

অসম বা ভাৰতবর্ষৰ ৰাইজৰ হৈ এই ব্যক্তিসকলে জুবিন গার্গক শেষ সন্মান জনাব৷ অন্ত্যেষ্টিক্রিয়ালৈ কোনো ভিআইপি–ভিভিআইপিক নিমন্ত্রণ জনোৱা হোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷ তেওঁ প্রকাশ কৰা অনুসৰি কোনোবাই অন্ত্যেষ্টিক্রিয়ালৈ আহিলেও সাধাৰণ জনতাৰ লগত থাকিব লাগিব৷ মন্ত্রী বিমল বড়া, কেশৱ মহন্ত আৰু ৰণোজ পেগু দায়িত্বত থকাৰ বিপৰীতে মন্ত্রীসভাৰ বাকী সদস্যসকলে যিয়ে যেনেকৈ পাৰে চকীত বহিব৷ মন্ত্রী–বিধায়কৰ বাবে বিশেষ কোনো ব্যৱস্থা নাথাকে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নশ্বৰদেহ ৰাষ্ট্রীয় ঘাইপথৰ পৰা সৎকাৰস্থলীলৈ অসম আৰক্ষীৰ দলে লৈ আনিব৷ তাৰ পিছত ৰাষ্ট্রীয় মর্যাদাৰে সৎকাৰৰ বাবে আৰক্ষীয়ে গান চেল্যুট দিব৷ ইয়াৰ অন্তত যাৱতীয় আধ্যাত্মিক কাম–কাজ সম্পন্ন কৰিব পুৰোহিতে৷ শেষকৃত্য সম্পন্ন হোৱাৰ লগে লগে পৰিয়ালক অস্থি আমি চমজাই দিম৷ সাংস্কৃতিক পৰিক্রমা বিভাগে চিতাভস্ম সংগ্রহ কৰিব আৰু সেয়া আমি ৰাখি থ’ম৷ যিটো স্থানত শেষকৃত্য কৰা হ’ব তাত দেৱাল দি বন্ধ কৰি দিম৷ যাতে জন্তু বা চৰাই–চিৰিকতিয়ে অসুবিধা কৰিব নোৱাৰে৷

নিবিদা আদি হৈ যোৱাৰ পাছত আমি গোটেই চৌহদটোত দেৱাল দিব পাৰিম বুলি আশা কৰিছোঁ৷ অন্ত্যেষ্টিক্রিয়াস্থলীত ৭ৰ পৰা ১০ বিঘা ভূমি ওলাব৷ গোটেই চৌহদটোত দেৱাল দিয়াৰ পাছত সমাধিক্ষেত্রত এটা আর্কিটেকচাৰেল ড্রয়িং বনাব লাগিব৷ স্থাপত্যবিদে যিধৰণে বনাই দিয়ে, সেই ধৰণে সমাধিক্ষেত্র নির্মাণৰ কাম আৰম্ভ কৰিম৷ সমান্তৰালভাৱে যোৰহাটতো সমাধিক্ষেত্র নির্মাণ কৰা হ’ব৷ দুৰন্ত সাংগিতিক প্রতিভাৰে অসংখ্য কালজয়ী গীত সৃষ্টি কৰা জুবিন গার্গ সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই এক গুৰুত্বপূর্ণ মন্তব্য কৰে৷ তেওঁৰ আৱেগপূর্ণ ভাষ্য আছিল এনেধৰণৰ– জুবিন গার্গৰ দৰে এটা সম্পদ অসমে ৫০ বছৰ নাপায়৷ ভূপেন হাজৰিকাৰ পিছত জুবিন গার্গ৷ জুবিন গার্গৰ পাছত আৰু এজন নোলাব, যাক আমি গণশিল্পী বুলি কওঁ৷ মুম্বাইত থাকি গান গোৱা বহু ওলাব৷ কিন্তু মানুহৰ মাজত থাকি মানুহৰ কথা কোৱা আৰু এজন পৰৱর্তী ৫০ বছৰত নাপায়৷ সুদূৰ ছিংগাপুৰৰ নীল সমুদ্রৰ বক্ষত চিৰদিনলৈ কায়িকভাৱে হেৰাই যোৱা অসমীয়াৰ প্রাণৰ শিল্পী অমৃতকণ্ঠ জুবিন গার্গৰ নশ্বৰদেহ কাইলৈ ৰঙা চন্দনৰ চিতাত পঞ্চভূতত বিলীন হ’ব৷ পিছে চিৰদিনলৈ অসমীয়াৰ হূদয়ত অমৰ হৈ থাকিব দুর্দান্ত অমৃতকণ্ঠ৷ অনুৰণনিত হৈ থাকিব জুবিন গার্গে গাই যোৱা কালজয়ী গীত– মই নথকাৰ অনুভৱ, যিদিনা হ’ব তোমাৰ, সিদিনা অশ্রু নিগৰিবনে কোৱা, মোৰ কবিতাৰ ছন্দ–গানৰ সুৰ, বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা, তোমাৰ প্রিয় গীত গাবলৈ…৷

You might also like