মহানায়কৰ অকাল মৃত্যুৰ ৰহস্য
মহানায়কৰ মহাপ্রয়াণ৷ প্রাণৰ শিল্পী জুবিন গার্গৰ অকাল বিয়োগত স্তম্ভিত হৈছে অসমবাসী৷ বিগত তিনি দশকৰো অধিক যিগৰাকী শিল্পীৰ অমৃতকণ্ঠই প্রতিজন অসমীয়াৰ হূদয় জিনিছিল, সেইগৰাকী প্রাণৰ শিল্পীৰ অকাল বিয়োগক সহজে মানি ল’ব পৰা নাই অসমৰ ৰাইজে৷ ছিংগাপুৰত নর্থ–ইষ্ট ফেষ্টিভেলত অংশগ্রহণৰ বাবে যোৱা গণশিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে ম্রিয়মাণ কৰি তুলিছে অসমৰ প্রতিজন লোকক৷ মাথোঁ ৫৩ বছৰতে মহাপ্রয়াণ ঘটা জুবিন গার্গ নিশ্চিতভাৱে অসমৰ এক অমূল্য সম্পদ আছিল৷ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত অসমৰ সাংস্কৃতিক জগতখনক বিশ্বজনীন ৰূপ দিয়া জুবিন গার্গৰ মৃত্যুৰ ৰহস্য এতিয়াও উন্মোচিত হোৱা নাই৷ জনপ্রিয় শিল্পীগৰাকীৰ অকাল মৃত্যুক লৈ বিভিন্ন বাতৰি প্রকাশ হৈছে৷ যিসমূহ বাতৰি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্রকাশ হৈছে তাৰ সত্যাসত্য এতিয়াও নিৰূপণ হোৱা নাই৷ কেইবাবাৰো ‘চিজাৰ’ত আক্রান্ত প্রাণৰ শিল্পীগৰাকীৰ নিৰাপদ স্বাস্থ্যৰ স্বার্থত চিকিৎসকে কেইবাটাও নির্দেশনা দিছিল৷ তাৰ ভিতৰত জুই আৰু পানীৰ পৰা আঁতৰি থকাৰ কঠোৰ বাধা–নিষেধ আৰোপ কৰা হৈছিল৷ কিন্তু এনে বাধা আওকাণ কৰি কিদৰে প্রাণৰ শিল্পী জুবিন গার্গৰ ছিংগাপুৰৰ লেজার্ছ দ্বীপত আকস্মিক মৃত্যু ঘটিল তাক লৈ সন্দেহ আৰু বিভিন্ন প্রশ্ণৰ উদয় হৈছে৷ এইক্ষেত্রত নর্থ–ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তাৰ ভূমিকাক লৈও প্রশ্ণ উত্থাপন হৈছে৷ জুবিন গার্গৰ মৃত্যুক লৈ তেওঁৰ অনুগামী আৰু অসমবাসীৰ মাজত যি সন্দেহ ঘনীভূত হৈছে সেয়া দূৰ হ’ব লাগিব৷ প্রাণৰ শিল্পীগৰাকীৰ অকাল বিয়োগৰ ঘটনা সন্দর্ভত ৰাজ্যখনৰ বিভিন্ন থানাত ইতিমধ্যে গোচৰ পঞ্জীভুক্ত হৈছে৷ ৰাজ্য চৰকাৰে জনপ্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত কৰিবলৈ চিআইডিক দায়িত্ব অর্পণ কৰিছে৷ ছিংগাপুৰত প্রাণৰ শিল্পীগৰাকীক সংগ দিয়া লোকসকলক তদন্তৰ আওতালৈ অনাৰ বাবেও চিআইডিয়ে পদক্ষেপ গ্রহণ কৰিছে৷ কিন্তু চিআইডিৰ তদন্ত কিমান ফলপ্রসূ হ’ব তাক লৈ জনপ্রিয় শিল্পীগৰাকীৰ অনুগামীসকলে সন্দেহ ব্যক্ত কৰিছে৷ যিহেতু জনপ্রিয় শিল্পীগৰাকীৰ মৃত্যু বিদেশী ৰাষ্ট্র ছিংগাপুৰত হৈছে, তাত শিল্পীগৰাকীক শেষ মুহূর্তত সংগ দিয়া লোকসকলক তদন্তৰ আওতালৈ অনাটো চিআইডিৰ বাবে সম্ভৱ হ’বনে? জুবিন গার্গৰ অকাল বিয়োগৰ ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআই অথবা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক অর্পণ কৰাৰ দাবীও উত্থাপন হৈছে৷ জুবিন গার্গ অসমৰ সম্পদ৷ এনে অমূল্য সম্পদ আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱাটো বেদনাদায়কেই নহয়, অসমৰ বাবে এক বৃহৎ ক্ষতি৷
প্রতিভাধৰ শিল্পী জুবিন গার্গৰ লেখীয়া সংগীত শিল্পী মাইকেল জেকছনৰো ৫২ বছৰত অকাল মৃত্যু হৈছিল৷ ২০০৯ চনৰ ২৫ জুনত বিশ্বৰ জনপ্রিয় শিল্পীগৰাকীৰ আকস্মিক মৃত্যুক লৈও অনুৰূপ বিতর্কৰ সূত্রপাত হৈছিল৷ একেদৰে ১৯৪৫ৰ ১৮ আগষ্টত ২৩ বছৰ বয়সতে কলকাতাত অকাল মৃত্যুক সাবটি লোৱা বিৰল প্রতিভাধৰ কবি অমূল্য বৰুৱাৰ মৃত্যুক লৈও বিভিন্ন প্রশ্ণৰ উদয় হৈছিল৷ ৩৪ বছৰীয়া জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাক লৈও দীর্ঘদিন ৰহস্যই ঘেৰি ধৰিছিল৷ জুবিন গার্গ আছিল অসমৰ এগৰাকী বিৰল প্রতিভাৰ শিল্পী৷ বিগত তিনি দশকত জনপ্রিয় শিল্পীগৰাকীয়ে তেওঁৰ অমৃতকণ্ঠেৰে অসমৰ সংগীত জগতত বৈপ্লৱিক পৰিৱর্তন ঘটাইছে৷ সেয়া বিহুগীতেই হওক, আধুনিক গীতেই হওক, বৰগীত, লোকগীতেই হওক৷ অসমৰ কামৰূপীয়া আৰু গোৱালপৰীয়া লোকসংগীতক নৱপ্রজন্মৰ মাজত জনপ্রিয় কৰাৰ ক্ষেত্রত জুবিন গার্গৰ অৱদান সীমাহীন৷ প্রায় ৪০ হাজাৰ গীতত কণ্ঠদান কৰি অভিলেখ গঢ়া অমৃতকণ্ঠ জুবিন গার্গে দুকুৰিৰো অধিক ভাষাত গীত পৰিৱেশন কৰিছে৷ জুবিন গার্গ এগৰাকী অমৃতকণ্ঠৰ শিল্পীয়েই নাছিল, তেওঁ আছিল একেৰাহে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, নিপুণ বাদ্যযন্ত্রী, চলচ্চিত্র পৰিচালক, সুদক্ষ অভিনেতা আদি৷ অসমীয়া সংগীতক উত্তৰণৰ জৰিয়তে ৰাষ্ট্রীয় পর্যায়ত উপৱিষ্ট কৰাত জনপ্রিয় শিল্পীগৰাকীয়ে বিশেষ ভূমিকা লৈছিল৷ জুবিন গার্গৰ অমৃতকণ্ঠৰ গীতে প্রতিটো প্রজন্মক সন্মোহিত কৰাৰ মূলতেই হ’ল তেওঁৰ গীতৰ ভাষা৷ অসমীয়া ভাষাৰ সুৱদি শব্দৰ মালাৰে গোৱা জুবিন গার্গৰ গীতে অসমৰ চহা জীৱনৰ ছবিখন প্রস্ফুটিত কৰিবলৈ সক্ষম হোৱাই নহয়, প্রতিজন লোকৰ প্রাণ সঞ্চাৰিত কৰি ৰাখিছে৷ বিগত তিনিটা দশকত অসমৰ এনে এজন লোক নোলাব যাৰ জীৱনত জুবিন গার্গৰ গীতে তেওঁক প্রভাৱিত কৰা নাই৷ মাথোঁ সাংস্কৃতিক ক্ষেত্রখনতেই নহয়, জুবিন গার্গে আমাৰ জাতীয় জীৱনৰ প্রতিটো জ্বলন্ত বিষয়ত নিজক জড়িত কৰি আহিছে৷ ৰাজ্যখনৰ ফুটবল খেলক অধিক জনপ্রিয় কৰিবলৈ তেওঁ নিৰলস চেষ্টা কৰাই নহয় নিজেও খেলপথাৰত নামিছিল৷ ৰাজ্যৰ প্রতিভাৱান খেলুৱৈসকলক উৎসাহিত আৰু সহায় কৰাৰ ক্ষেত্রতো তেওঁ অগ্রণী ভূমিকা গ্রহণ কৰিছিল৷ শিপাৰ স’তে সম্পর্ক গঢ়াত অধিক গুৰুত্ব আৰোপ কৰা প্রাণৰ শিল্পীগৰাকী দুর্গত লোকসকলৰ বাবেও ত্রাণকর্তা আছিল৷ প্রকৃততে তেওঁ আছিল প্রকৃত সমাজকর্মী৷ এনে এগৰাকী বিৰল প্রতিভাধৰ শিল্পীৰ অকাল মৃত্যুৰ সঠিক তদন্ত হোৱা উচিত৷ যদিহে শিল্পীগৰাকীৰ আকস্মিক মৃত্যুত কোনো লোক জড়িত আছে সেইসকলক উপযুক্ত শাস্তি বিহা উচিত৷