নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ ছেপ্টেম্বৰ, আহিন মাহৰ ৬ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা দ্বিতীয়া, নক্ষত্র : হস্তা, যাত্রা : শুভ

মেষ : উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ বিশেষকৈ অনুৰাধা নক্ষত্রৰ মানসিক শান্তি৷ বিদ্যাত বাধা কম৷ শিক্ষক–বুদ্ধিজীৱীৰ সুখ৷ শুভ ৰং ক্রীম শুভ সংখ্যা ৯৷

বৃষ : আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব৷ ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা নাই ৷ বিদ্যাত মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷

মিথুন : কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ বন্ধুৰ সহায়৷ আর্থিক প্রাপ্তিৰ আশা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷

কর্কট : পূর্বৰ দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগ আদিত উন্নত৷ শৰীৰো ভালে যোৱাৰ কাৰক৷ ভ্রমণৰ যোগ ৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫৷

সিংহ : কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে৷ সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷

কন্যা : কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো বিষয় চিন্তাৰ কাৰণ হ’ব৷ বিদ্যাত বেয়া নহ’ব৷ ভ্রমণাদিত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷

তুলা : কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ সাৱধান হ’লে ভয় কম। বিদ্যাত যত্নৰ ফল লাভ৷ সাধাৰণ শৰীৰৰ আহুকাল অলপ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৫৷

বৃশ্চিক : ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ৷ মুঠতে কিছু অসুবিধাৰ কাৰক৷ পূর্বাষাঢ়াৰ জাতক–জাতিকাই সাৱধান থাকিলে ভাল৷ শুভ ৰং নীলা, শুভ সংখ্যা ১১৷

ধনু : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷

মকৰ : ভঙা–পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশৰ সলনিৰ প্রতি মন কৰিব পাৰে৷ ভ্রমণত সষ্টম হওক৷ কিন্তু কোনো প্রিয় বন্ধু–বান্ধৱীৰ সংগত সুখ লাভ৷ যিসকল যোগ্যৱান সুনাম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

কুম্ভ : ৰুক্ষ চিন্তা। অত্যধিক খৰচ হ’লেও আয়ত্তত থাকিব৷ দুষ্টৰ সংগই বিপদ আনিব পাৰে। লোহা লক্কৰ, ইস্পাত, কাঠ, কয়লা, ৰসায়নত লাভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

মীন : আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ৷ সৰু–সুৰা সংবাদকে গুৰুতৰ বুলি নল’ব৷ ভ্রমণত সাৱধান৷ নতুন সম্পদ ক্রয়৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷

You might also like