নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত জুবিন গাৰ্গৰ প্ৰথম সংগীতানুষ্ঠানতে মুকলি হৈছিল ‘অনামিকা’ 

সদ্যপ্রয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰথম সংগীতানুষ্ঠান আৰু প্ৰথম গীতৰ এলবাম ‘অনামিকা’ মুকলি হোৱা সোণাৰি নগৰত স্থাপন হ’ব আজন্ম শিল্পী জুবিন গাৰ্গৰ প্রতিমূর্তি। উল্লেখযোগ্য যে ৯০ দশকৰ প্ৰথমার্ধত কণ্ঠশিল্পীৰূপে আত্মপ্রকাশ কৰা জুবিন গাৰ্গ কোনো সংগীতানুষ্ঠান কৰাৰ বাবে আনুষ্ঠানিক নিমন্ত্রণ লাভ কৰা নাছিল।

সেই সময়তেই (১৯৯৩ চনত) সোণাৰি মহাবিদালয় চৌহদত এবিটাৰ (আছাম ব্রান্স ইণ্ডিয়ান টী এছ’চিয়েশ্যন) নৱনিৰ্মিত প্রেক্ষাগৃহত সোণাৰিৰ এমুঠিমান সাংস্কৃতিক কর্মীয়ে প্রধান উদ্যোগ লৈ আয়োজন কৰিছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান।

আয়োজিত সংগীতানুষ্ঠানত এংকৰিং কৰিছিল সেই সময়ৰ সাংস্কৃতিক কর্মী তথা বৰ্তমানৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই। মন কৰিবলগীয়া যে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আয়োজিত জুবিন গাৰ্গৰ প্ৰথম সংগীতানুষ্ঠানত জুবিনৰ মাননি আছিল মাত্র ৬ হাজাৰ টকা।

আনহাতে, এংকৰ হিচাপে লাভ কৰিছিল পৱিত্ৰ মাৰ্ঘেৰিটাই মাত্র ৩০০ টকা। গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ গৃহ নগৰ সোণাৰিত অনুষ্ঠিত সেই সংগীতানুষ্ঠানৰ পাছতেই সংগীত জগতত জুবিনে পিছলৈ ঘূৰি চাবলগীয়া নহ’ল।

ক্রমশঃ জনপ্ৰিয়তাৰ শীৰ্ষৰ পৰা শীৰ্ষতম স্থানলৈ উঠিল জুবিন গাৰ্গৰ সংগীতৰ জয়যাত্রা। ইফালে, সংগীত জগতৰ মুকুটবিহীন সম্রাট জুবিন গাৰ্গৰ স্বর্ণিল ইতিহাস জড়িত সোণাৰি নগৰত শিল্পীজনাৰ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবে সোণাৰি নগৰ, চৰাইদেউ জিলাবাসীৰ লগতে সকলো দল-সংগঠন আদি আগবাঢ়ি আহিছে।

সেই মর্মে সোণাৰি মহাবিদ্যালয়ৰ যিটো প্রেক্ষাগৃহত জুবিন গার্গে প্ৰথমটো সংগীতানুষ্ঠানৰ আয়োজন কৰিছিল, সেই প্রেক্ষাগৃহটো দাতাপক্ষ এবিটাৰ স’তে আলোচনাৰ মাধ্যমেৰে “জুবিন গাৰ্গ প্রেক্ষাগৃহ” নামেৰে নামকৰণ কৰিবলৈ ৰাজহুৱা প্ৰস্তাৱ উঠিছে। তদুপৰি প্ৰেক্ষাগৃহৰ সন্মুখত অথবা সোণাৰি নগৰৰ উপযুক্ত স্থানত সংগীতশিল্পী জুবিন গাৰ্গৰ এটি পূর্ণাংগ প্রতিমূর্তি স্থাপন কৰাৰো প্ৰস্তাৱ ৰাজহুৱাভাৱে উত্থাপন হৈছে।

ইফালে, এনে সময়তে, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সংবাদ মাধ্যমৰ আগত এই বিষয়টোত মতামত আগবঢ়াই সম্পূর্ণ ৰূপে সহায়-সহযোগিতা আগবঢ়াব বুলি কয়। বিধায়ক কোঁৱৰে প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ বাবে প্রয়োজনীয় অর্থ সাহায্য আদি আগবঢ়াব বুলিও কয়। জুবিন গাৰ্গৰ প্ৰতিমূর্তি স্থাপনৰ বাবে জিলাবাসীৰ লগতে জুবিনৰ গুণমুগ্ধ-অনুৰাগীৰ অর্থ আদি গ্রহণ কৰাৰো চিন্তা কৰা হৈছে। উল্লেখযোগ্য যে সোণাৰিৰ সন্তান তথা আছাম টৰ মুখ্য সম্পাদক প্রাণজিত শইকীয়াই এটা দৰমহাৰ এটা অংশ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ বাবে প্রদান কৰিব বুলি ইতিমধ্যে ৰাজহুৱাভাৱে ঘোষণা কৰিছে।

নিয়মীয়া বাৰ্তা, সোণাৰি , ২৫ ছেপ্টেম্বৰ

You might also like