নিউজ ডেস্ক, ২৫ ছেপ্টেম্বৰ : দেশৰ মঠ–মন্দিৰ আৰু তীর্থস্থানত শোকাৱহ পদপিষ্টৰ ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থাকে৷ প্রধানতঃ ধর্মীয় প্রতিষ্ঠানত ভক্তৰ অভাৱনীয় ভিৰৰ বাবেই এনেধৰণৰ পদপিষ্টৰ ঘটনা সংঘটিত হোৱা বুলি জনা যায়৷ ইয়াৰ পৰিপ্রেক্ষিততে প্রখ্যাত তিৰুপতি মন্দিৰে ভক্তৰ ভিৰ নিয়ন্ত্রণৰ বাবে অভিনৱ পদক্ষেপ গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে৷
অন্ধ্রপ্রদেশৰ তিৰুপতি মন্দিৰত ভিৰ নিয়ন্ত্রণ কৰিবলৈ কৃত্রিম বুদ্ধিমত্তা, চমুকৈ এআই ব্যৱহাৰ কৰিব৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী এন চন্দ্রবাবু নাইডুৱে মন্দিৰত এটা নতুন অত্যাধুনিক কৃত্রিম বুদ্ধিমত্তা সমন্বিত কমাণ্ড কন্ট্ৰ’ল চেণ্টাৰ উদ্বোধন কৰিব৷
মন কৰিবলগীয়া যে দেশৰ ভিতৰত প্রথমবাৰৰ বাবে মন্দিৰত এনেধৰণৰ পদক্ষেপ গ্রহণ কৰা হ’ব৷ মন্দিৰটোৰ এক চৌহদত এই কমাণ্ড কন্ট্ৰ’ল চেণ্টাৰটো নির্মাণ কৰা হৈছে৷ বিশাল পর্দা এখন ব্যৱহাৰ কৰি মন্দিৰ কর্তৃপক্ষই সকলো দিশ নিৰীক্ষণ কৰি থাকিব পাৰিব৷ তথ্য মতে, এই কেন্দ্রটো পৰিচালনা কৰাৰ বাবে ২৫জন বিশেষজ্ঞৰ দ্বাৰা এটা দল গঠন কৰা হৈছে৷ কেন্দ্রটোত এআই সমন্বিত উচ্চ ক্ষমতাসম্পন্ন কেমেৰা স্থাপন কৰা হ’ব৷ এই কেমেৰাৰ জৰিয়তে মন্দিৰটোৰ ভক্তৰ শাৰীৰ স্থিতি নিৰীক্ষণ কৰিব পাৰিব৷ ইয়াৰ উপৰি ভিৰ নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত এআইৰ জৰিয়তে এখন থ্রীডি মানচিত্রও প্রস্তুত কৰা হ’ব৷