নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱেষ্ট ইণ্ডিজ-ৰ বিপক্ষে টেষ্ট ছিৰিজৰ বাবে ভাৰতীয় দল ঘোষণা

শুভমন গিলৰ অধিনায়কত্বত ৱেষ্ট ইণ্ডিজ ৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে। দলটোত ৰবীন্দ্ৰ জাডেজাক উপ-অধিনায়ক হিচাপে স্থান দিয়া হৈছে। ঋষভ পণ্ট এতিয়াও সম্পূৰ্ণভাৱে সুস্থ হোৱা নাই, তেওঁৰ অনুপস্থিতিত ধ্ৰুৱ জুৰেলৰ সৈতে এন জগদীশ্বন দ্বিতীয় উইকেটকীপাৰ হিচাপে আছে। অনুমান কৰা হৈছিল যে যশপ্ৰীত বুমৰাহক টেষ্ট ছিৰিজৰ পৰা বিশ্ৰাম দিয়া হ’ব, কিন্তু তেওঁকো দলত অন্তৰ্ভুক্ত কৰা হৈছে।

ভাৰতীয় দল বৰ্তমানে এছিয়া কাপ ২০২৫ খেলি আছে, য’ত শুভমন গিল উপ-অধিনায়ক। ভাৰতে ইতিমধ্যে ফাইনেলত স্থান নিশ্চিত হৈছে। এই টুৰ্ণামেন্টখনৰ ফাইনেল ২৮ ছেপ্টেম্বৰত ডুবাইত হ’ব। তাৰ পাছত খেলুৱৈসকল ভাৰতলৈ ঘূৰি আহিব, য’ত ২ অক্টোবৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিপক্ষে টেষ্ট ছিৰিজ আৰম্ভ হ’ব।

ৱেষ্ট ইণ্ডিজৰ বিপক্ষে টেষ্ট ছিৰিজৰ বাবে ঘোষিত ভাৰতীয় দল

  • শুভমন গিল (অধিনায়ক)

  • যশস্বী জয়ছোৱাল

  • কে এল ৰাহুল

  • সাই সুদৰ্শন

  • দেৱদত্ত পাড়িকেল

  • ধ্ৰুৱ জুৰেল

  • ৰবীন্দ্ৰ জাডেজা (উপ-অধিনায়ক)

  • ৱাশ্বিংটন সুন্দৰ

  • যশপ্ৰীত বুমৰাহ

  • অক্ষৰ পেটেল

  • নীতিশ কুমাৰ ৰেড্ডী

  • এন জগদীশ্বন (উইকেটকীপাৰ)

  • মহম্মদ চিৰাজ

  • প্ৰকাশ কৃষ্ণা

  • কুলদীপ যাদৱ

ঘোষিত টেষ্ট দলটোৰ মুখ্য দিশ

  • কৰুণ নায়াৰ আৰু অভিমন্যু ঈশ্বৰন বাদ

  • দেৱদত্ত পাড়িকেল আৰু নীতিশ ৰেড্ডীৰ উভতি আহা

  • ৰবীন্দ্ৰ জাডেজা উপ-অধিনায়ক নিৰ্বাচিত

  • যশপ্ৰীত বুমৰাহো দলত অন্তৰ্ভুক্ত

কৰুণ নায়াৰক লৈ অজিত আগৰকাৰৰ মন্তব্য

চীফ ছিলেক্টৰ অজিত আগাৰকাৰে কৈছে, “আমি কৰুণ নায়াৰৰ পৰা আৰু অধিক আশা কৰোঁ। কেৱল এটা ইনিংছ যথেষ্ট নহয়। পাড়িকেলৰ উন্নত খেলা কৰাৰ ক্ষমতা আছে। আমি সকলো খেলুৱৈক ১৫-২০টা সুযোগ দিবলৈ ইচ্ছুক, কিন্তু এই পৰিস্থিতিত সেইটো সম্ভৱ নহয়।” প্ৰায় ৮ বছৰৰ পাছত ইংলেণ্ডত তেওঁক টেষ্ট ছিৰিজত সুযোগ দিয়া হৈছিল, কিন্তু তেওঁৰ প্ৰদৰ্শন সন্তোষজনক হোৱা নাছিল।

ভাৰত বনাম ৱেষ্ট ইণ্ডিজ টেষ্ট ছিৰিজৰ সময়সূচী

  • প্ৰথম টেষ্ট : ২-৬ অক্টোবৰ, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম

  • দ্বিতীয় টেষ্ট : ১০-১৪ অক্টোবৰ, দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়াম
    (দুয়োখন টেষ্টৰ আৰম্ভণি সময় : পুৱা ৯.৩০ বজাত)

You might also like