নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্যামকানুৰ ৰঙালী–নর্থ ইষ্ট ফেষ্টিভেল বিজতৰীয়া সংস্কৃতি : মুখ্যমন্ত্রী ড০ শর্মাৰ বিস্ফোৰণ

বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : শ্যামকানু মহন্তৰ ৰঙালী, নর্থ–ইষ্ট ফেষ্টিভেল সকলো বিজতৰীয়া সংস্কৃতি, ই অসমক প্রতিনিধিত্ব নকৰে৷ জুবিন গার্গৰ মৃত্যুৰ মূল কাৰক হিচাপে চিহ্ণিত হোৱা শ্যামকানু মহন্তৰ বিৰুদ্ধে এনেদৰে সৰৱ হ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷

ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীগৰাকীয়ে কয়– শ্যামকানু মহন্তৰ ৰঙালীয়েই হওক, নর্থ–ইষ্ট ফেষ্টিভেলেই হওক ইয়ে অসমক কেতিয়াও প্রতিনিধিত্ব কৰা নাই, সম্পূর্ণভাৱে বিজতৰীয়া সংস্কৃতি এটাক তেওঁ আগুৱাই লৈ গৈছে৷ দৰাচলতে শ্যামকানু মহন্তৰ অনুষ্ঠানসমূহ অসমীয়া সংস্কৃতিৰ লগত কোনোপধ্যে জড়িত নাছিল আৰু সেই কাৰণে মই কেতিয়াও শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে নগৈছিলোঁ৷ এবাৰ জজফিল্ডত হোৱা অনুষ্ঠানত যাওঁতে মঞ্চৰ পৰাই ‘গাহৰি গাহৰি’ বুলি চিঞৰি থকা শব্দ শুনি মই গেটৰ পৰাই উভতি আহিছিলোঁ৷ মোৰ ৰাজনৈতিক কেৰিয়াৰত তেওঁ দিল্লীত পতা অনুষ্ঠান এটাত গৈছিলোঁ৷ সেয়াও ৮ বছৰ পূর্বেই৷ তাৰ বাদে শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানলৈ মই যোৱা নাছিলোঁ৷ ব্যক্তিগতভাৱেও তেওঁৰ অনুষ্ঠানসমূহক মই কেতিয়াও উদ্গনি দিয়া নাই৷

আনহাতে, মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে বিগত সংসদীয় নির্বাচনত শ্যামকানু মহন্তই বিজেপিবিৰোধী স্থিতি লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু বিজেপি দলৰ বিৰুদ্ধে নিয়মীয়াকৈ ফেচবুক পোষ্ট দিছিল৷ উল্লেখ্য যে অসমত শ্যামকানু মহন্তক ব্লেকলিষ্টেড কৰাৰ কথা পৰহি ঘোষণা কৰিছিল মুখ্যমন্ত্রী ড০ শর্মাই৷ শ্যামকানু মহন্তৰ কোনো অনুষ্ঠান অসমত চলিবলৈ দিয়া নহয় বুলি স্পষ্ট কৰাৰ লগতে তেওঁ প্রত্যক্ষ–পৰোক্ষভাৱে জড়িত কোনো অনুষ্ঠানত ৰাজ্য চৰকাৰে আর্থিক অনুদান–বিজ্ঞাপন নিদিয়ে বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছিল৷ এই ঘোষণাৰ পাছতে কালি পুনৰ ফেষ্টিভেল মহন্ত হিচাপে পৰিচিত হৈ পৰা এইজন সংস্কৃতিৰ দালালৰ বিৰুদ্ধে সৰৱ হৈ মুখ্যমন্ত্রী ড০ শর্মাই কয়– বিগত লোকসভা নির্বাচনৰ সময়ত তেওঁ লিখা পোষ্টসমূহ যদি পঢ়ে দেখিব প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰোধিতা কৰিয়েই সামাজিক মাধ্যম চলাই গৈছিল৷ শ্যামকানু মহন্তৰ লগত ব্যক্তিগতভাৱে মই কথাও পতা নাছিলোঁ৷ মোৰ ম’বাইলত তেওঁৰ অজস্র মেছেজ আছে, যিবোৰৰ মই কেতিয়াও ৰিপ্লাই দিয়া নাই৷ তেওঁৰ ওপৰত মোৰ যি দৃষ্টিভংগী সেয়া তেওঁ নিজেও জানে৷ তেওঁক মই স্পষ্ট কৰি কৈছোঁ– তুমি যিটো কৰি আছা সেয়া উচিত নহয়৷ অসমখনক লৈ সংস্কৃতিৰ নামত যি অপসংস্কৃতি চলাই আছিল, তাক মই কেতিয়াও সমর্থন কৰা নাছিলোঁ৷ সেয়েহে শ্যামকানুৰ লগত মোৰ বহুত বেছি সম্পর্ক নাছিল৷ কিন্তু অসমত কেতিয়াবা ইজনে–সিজনৰ লগত মুখামুখি হ’ব লগা হয়েই৷

মুখ্যমন্ত্রীয়ে জুবিন গার্গৰ শেহতীয়া দুর্ঘটনাক লৈও পূর্বৰ এক প্রসংগ উত্থাপন কৰি কয়– ছবছৰমান পূর্বেই মই এই বিষয়ে সংবাদ মাধ্যমত কৈছিলোঁ যে জুবিন অসমৰ বাবে এক ডাঙৰ সম্পদ৷ কিন্তু একাংশ লোকে ব্যক্তিগত সুবিধাৰ বাবে তেওঁক ব্যৱহাৰ কৰিছিল৷ এই কথা মই জুবিনক ব্যক্তিগতভাৱেও কৈছিলোঁ, ৰাজহুৱাভাৱেও কৈছিলোঁ৷ এটা কথা মই লগতে উল্লেখ কৰিছিলোঁ যে জুবিনক সাধাৰণ মানুহৰ লগত তুলনা কৰিব নালাগে বা তুলনা কৰা উচিত নহয়৷ শিল্পীসকলৰ ব্যৱহাৰ সাধাৰণ মানুহৰ দৰে নহয়৷ তেওঁলোকৰ চিন্তা–ভাবনা অলপ ওপৰত থাকে, বেলেগ ধৰণে থাকে৷ জুবিনৰ প্রতি মোৰ মনত যি ভাব আছিল সেয়া বহু ক্ষেত্রত পৰিলক্ষিত হৈছে৷ কিন্তু জুবিনক লৈ একাংশৰ যি আৱৰণ আছিল, যাক লৈ যিধৰণে আজি ৰাইজে প্রশ্ণ তুলিছে ছবছৰ আগতে মই এই কথাটো আঙুলিয়াই দিছিলোঁ৷

You might also like