পেলেষ্টাইন প্রসংগ
আমেৰিকা যুক্তৰাষ্ট্রৰ আপত্তি আৰু ইজৰাইলৰ বাধা সত্ত্বেও পেলেষ্টাইনক আনুষ্ঠানিক ৰাষ্ট্রৰ স্বীকৃতি দিয়া হ’ল৷ আমেৰিকাৰ নিউয়র্ক চহৰত ৰাষ্ট্রসংঘৰ ৮০সংখ্যক সাধাৰণ পৰিষদত বিশ্বৰ ১৮০খন দেশে পেলেষ্টাইনক ৰাষ্ট্রৰ স্বীকৃতিত অনুমোদন জনাইছে৷ প্রধানতঃ ইজৰাইল আৰু হামাছশাসিত গাজাৰ মাজত চলি থকা যুদ্ধৰ সমাপ্তিৰ বাবেই এই পদক্ষেপ লোৱা বুলি চর্চিত হৈছে৷ গ্রেট ব্রিটেইন, ফ্রান্স, কানাডা আৰু অষ্ট্রেলিয়াই ৰাষ্ট্রসংঘত পেলেষ্টাইনক ৰাষ্ট্রৰ স্বীকৃতি প্রদানৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ পেলেষ্টাইনক ৰাষ্ট্রৰ স্বীকৃতি দিয়াটো মূলতঃ দুই দেশৰ মাজত চলি থকা সংঘাতৰ কূটনৈতিক ঘোষণা বুলি বিবেচনা কৰা হৈছে৷ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলিত দশক দশকজোৰা সংঘাত সমাধানৰ লক্ষ্য৷ পেলেষ্টাইনক ৰাষ্ট্রৰ স্বীকৃতিৰ ক্ষেত্রত পদক্ষেপ লোৱাৰ অন্যতম গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী কিয়েৰ ষ্টাৰমাৰৰ মতে নিৰাপদ ইজৰাইলৰ লগতে পেলেষ্টাইন দেশৰ সৈতে ইজৰাইলৰ সহাৱস্থানৰ বিষয়টোক প্রাধান্য দিয়া হৈছে৷ কিন্তু আন দেশৰ নেতাসকলে ইজৰাইলৰ তীব্র বিৰোধ আৰু জেদ ভাবে এই পথক কোন দিশেৰে আগবঢ়াই নিব পাৰে তাক লৈ দ্বিধাবোধ কৰিছে৷ গাজাৰ ওপৰত ইজৰাইলৰ সামৰিক অভিযানে পেলেষ্টাইনীৰ জীৱন দুর্বিষহ কৰি তুলিছে৷ ক্ষুধার্ত হৈ শিশুৰ প্রাণহানি হৈ থকাটো বিশ্বজুৰি উদ্বিগ্ণতাৰ বিষয় হৈ পৰিছে৷ ৰাষ্ট্রসংঘৰ আহ্বানকো অংগুষ্ঠ প্রদর্শন কৰি আহিছে ইজৰাইলে৷ গাজাৰ ওপৰত ইজৰাইলৰ আক্রমণে পেলেষ্টাইনী শৰণার্থীৰ গুৰুতৰ বিষয়টো আৰু অধিক গুৰুতৰ কৰি তুলিছে৷ এই শৰণার্থীৰ সমস্যাটো কিহৰ ভিত্তিত সমাধান হ’ব৷ মধ্য প্রাচ্যত সকলোৰে নিৰাপত্তাৰ বাবেই পেলেষ্টাইনক ৰাষ্ট্রৰ মর্যাদা দিয়াটো গুৰুত্বপূর্ণ বিষয় হৈ পৰাটো ৰাষ্ট্রসংঘৰ পেলেষ্টাইনৰ সমর্থনত অনুমোদন জনোৱা দেশসমূহে যুক্তি আগবঢ়াইছে৷ পেলেষ্টাইনক ৰাষ্ট্রৰ স্বীকৃতিত আমেৰিকা যুক্তৰাষ্ট্রৰ আপত্তিৰ যুক্তিত সন্ত্রাসবাদীক উপহাৰ দিয়া প্রসংগ উত্থাপন কৰিছে৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৰাষ্ট্রসংঘৰ সিদ্ধান্তৰ বিৰোধিতা কৰি ইয়ে সন্ত্রাসবাদীক উদগনি দিয়াৰ লগতে শৰণার্থীৰ বিষয়টো ভয়াৱহ হৈ উঠিব বুলি যুক্তি দর্শাইছে৷ প্রব্রজন নীতিও এইক্ষেত্রত শিথিল কৰাৰ স্থিতি আহিব পাৰে বুলি শংকা ব্যক্ত কৰি পশ্চিমীয়া দেশৰ এই সিদ্ধান্তই বিশ্বত শৰণার্থীৰ সমস্যা উদ্বিগ্ণতাৰ বিষয় হ’ব বুলি প্রকাশ্যে ঘোষণা কৰিছে৷ আমেৰিকাই পেলেষ্টাইনী ৰাষ্ট্রক লৈ কূটনীতি চলাই থকাটো নিশ্চিত৷ যিয়ে আন দেশৰ প্রচেষ্টাত জটিলতা আনি থাকিব৷
ইউৰোপীয় দেশসমূহৰ অধিকাংশতেই পেলেষ্টাইনপন্থীৰ প্রতিবাদ চলি আহিছে৷ আমেৰিকাতো চলি আহিছে তেনে প্রতিবাদ৷ পেলেষ্টাইন দেশৰ স্বীকৃতিত আৰব ইছলামিক দেশৰ অনুমোদন থাকিলেও বাস্তৱত কিমানদূৰ সফল হ’ব সেয়া বিচার্যৰ বিষয় হৈ থাকিব৷ পেলেষ্টাইন কর্তৃপক্ষৰ সংস্কাৰ আৰু নতুন নির্বাচন বিষয়টো গাজাত যুদ্ধবিৰতিৰ পাছতেই সম্ভৱ কৰি তোলাৰ পক্ষত ইউৰোপীয় দেশসমূহ৷ প্রশ্ণ উত্থাপন হৈছে ইজৰাইলৰ ভূমিকাক লৈ৷ পেলেষ্টাইনক দেশৰ স্বীকৃতি দিয়া সিদ্ধান্তৰ বিৰোধিতা কৰিছে ইজৰাইলে৷ ইহুদী ৰাষ্ট্রখনে পেলেষ্টাইনক দেশৰ স্বীকৃতি দি সন্ত্রাসবাদীক পুৰস্কৃত কৰা বুলি হুংকাৰ দিছে৷ ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৱে কোনোপধ্যেই পেলেষ্টাইনক ৰাষ্ট্রৰ স্বীকৃতি মানি লোৱা নহ’ব বুলি স্পষ্টভাৱে ঘোষণা কৰিছে৷ ইজৰাইলৰ এটা স্থিতিয়ে বিশ্বৰ আন দেশসমূহৰ পদক্ষেপত বাধা জনোৱাৰ সম্ভাৱনা নথকা নহয়৷ ইজৰাইলে ৰাষ্ট্রসংঘতো ইয়াৰ তীব্র বিৰোধিতা কৰিব৷ সন্ত্রাসবাদী সংগঠন ৰূপে হামাছক গণ্য কৰা ইজৰাইলে যুদ্ধবিৰতিৰ ক্ষেত্রত কঠোৰ স্থিতি গ্রহণ কৰি আছে৷ হামাছক সমূলঞ্চে নির্মূল নকৰালৈকে যুদ্ধ চলাই যোৱাৰ অংগীকাৰবদ্ধ হৈছে৷ পেলেষ্টাইন দেশ স্বীকৃতি আমেৰিকাৰ আপত্তি আৰু ইজৰাইলৰ বাধাই বিশ্বৰ আন দেশসমূহে মধ্যপ্রাচ্যত শান্তিৰ বাতাৱৰণ গঢ়াত প্রতিবন্ধকতাৰ সৃষ্টি কৰিব৷ ইতিহাসৰ পাত লুটিয়াই চালে ইজৰাইল আৰু পেলেষ্টাইনীৰ সংঘাত ইমান সহজে মীমাংসা হোৱাৰ আশা ক্ষীণ৷ ইপিনে, পেলেষ্টাইনক দেশ হিচাপে ১৮০তকৈ অধিক দেশে স্বীকৃতিত অনুমোদন জনোৱাৰ পাছতে পেলেষ্টাইনৰ ৰাষ্ট্রপতিগৰাকীয়ে হামাছক অস্ত্র সম্বৰণ কৰিবলৈ আহ্বান জনাইছে৷ কথা হ’ল- সন্ত্রাসবাদী সংগঠন হামাছে অস্ত্র সম্বৰণ কৰিবনে, গাজাৰ শাসক হামাছে পেলেষ্টাইনৰ আহ্বান শুনিবনে, হামাছে যে অস্ত্র সম্বৰণ কৰিব, সেয়া মানি ল’ব নোৱাৰি৷ ইজৰাইলেও হামাছক অস্ত্র সম্বৰণ কৰিবলৈ হুংকাৰ দি আহিছে৷ আমেৰিকায়ো দিছে৷ কিন্তু হামাছে এইক্ষেত্রত অকণো সমর্থন জনোৱা নাই৷ পেলেষ্টাইনক দেশ হিচাপে স্বীকৃতি দিয়াৰ পাছত পৰিস্থিতি কিমান ইতিবাচক হয় সেয়া পৰৱর্তী সময়তহে ওলাই পৰিব৷ কিন্তু ইজৰাইলে গাজাত আক্রমণ তীব্রতৰ কৰি তুলিছে৷ পেলেষ্টাইনী নিধন পর্ব চলাই গৈছে৷ গতিকে ইজৰাইলক বাদ দি পেলেষ্টাইনৰ বিষয়টো সমাধান কৰাত জটিলতা আছে৷ এই কার্য বিশ্বৰ দেশসমূহে অনুধাৱন কৰিব লাগিব৷ অন্যথা মধ্য প্রাচ্যত শান্তিৰ বাতাৱৰণ কল্পনাহে হৈ থাকিব৷