জোনাইত সেউজীয়া ধাননিত মজা পোকৰ উপদ্ৰৱ
📌 শালি ধানৰ পথাৰত এফালৰ পৰা মজাপোক খাই নষ্ট কৰাত হাহাকাৰ খেতিয়ক ৰাইজৰ মাজত
জোনাই সমজিলাৰ অন্তৰ্গত তথা বানে ধোৱা টাকাবাৰী অঞ্চলৰ একাংশ কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ৷ কাৰণ সেউজীয়া ধাননি পথাৰত পোকে খাই এফালৰ পৰা নষ্ট কৰিব ধৰাত অনাগত দিনৰ কথা চিন্তা কৰি খেতিয়ক ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ৷
জানিব পৰামতে জোনাইৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত টাকাবাৰি, পাকিৰিগুৰি,ৰঙীয়া লাইন, বগৰি চাপৰি, মধ্যপুৰ আদি কৰি প্ৰায় ৭ খনকৰো অধিক গাঁৱৰ খেতিয়ক ৰাইজৰ শ শ বিঘা খেতি পথাৰৰ অতি কষ্টৰে কপালৰ ঘাম মাটিত পেলাই কৰা সপোনৰ শালি ধানৰ পথাৰত এনেদৰে পোকে খাই তহলিং কৰাত মূৰে কপালে হাত দিবলগীয়া অৱস্থাত পৰিছে খেতিয়ক ৰাইজৰ মাজত৷
ইফালে প্ৰতি বছৰে বানে জুৰুলা কৰা তথা ১০০ শতাংশই কৃষি কৰ্মৰ ওপৰত জীয়াই থকা অঞ্চলতোৰ খেতিয়ক ৰাইজে অতি কষ্টৰে কপালৰ ঘাম মাটিত পেলাই কৰা সপোনৰ শালি ধানৰ পথাৰত এনেদৰে পোকে খাই তহলিং কৰাত অনাগত দিনত খাদ্যৰ নাটনিৰ কথা চিন্তা কৰি শংকিত হোৱা পৰিলক্ষিত হৈছে৷
সেয়ে অঞ্চলতোৰ দুৰ্ভগীয়া কৃষকসকলে সুদৃষ্টি কামনা কৰিছে জোনাই সম জিলা প্রশাসন তথা কৃষি বিভাগৰ পৰা৷
নিয়মীয়া বাৰ্তা, জোনাই, ২৬ ছেপ্টেম্বৰ