নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনঃ সুৰাপান কৰিবলৈ নাপাই এজনৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৪ মাৰ্চত ২১ দিনজোৰা লকডাউন ঘোষণা কৰাৰ ফলত সমগ্ৰ দেশতে একপ্ৰকাৰৰ অচলাৱস্থা সৃষ্টি হৈছে ।

ইয়াৰ মাজতে সুৰাৰ বিপণী বন্ধ থকাত সুৰাপান কৰিবলৈ নাপাই কেৰেলাৰ এজন যুৱকে আত্মহত্যা কৰাৰ কথা পোহৰলৈ আহিছে । এই যুৱকজন যোৱা দুটা দিন ধৰি সুৰাৰ অভাৱত অস্বাভাৱিক আচৰণ কৰা বুলি পৰিয়ালৰ সূত্ৰই জানিবলৈ দিছে ।

পাছত শুকুৰবাৰে পুৱা ঘৰৰ কাষতে চিপ লৈ থকা অৱস্থাত যুৱকজনক উদ্ধাৰ কৰা হয় ।

উল্লেখ্য যে এই ঘটনাৰ পাছতে কেৰালাৰ আবকাৰী বিভাগে সুৰাসক্ত লোকৰ বাবে কাউন্সিলিং চেণ্টাৰ আৰম্ভ কৰি তেনে লোকৰ চিকিৎসাৰ দিহা কৰাৰ কথা ঘোষণা কৰিছে ।

You might also like