বিশেষ বাৰ্তা, তিনিচুকীয়া, ৪ অক্টোবৰ : আজি পুৱাই তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ কাকপথাৰত কাকপথাৰ আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰি থকাৰ সময়তে পিতৃ-কন্যাক আটক কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ডুমডুমা সমজিলা আৰক্ষী অধীক্ষক দিগন্ত দত্ত আৰু কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ফুকনৰ নেতৃত্বত চলোৱা অভিযানৰ সময়ত এখন বাছৰ পৰা দুই পিতৃ-কন্যাক আটক কৰাৰ লগতে দুয়োৰে পৰা ছয়টাকৈ চাবোনৰ পেকেটত ৭১.৫৪ গ্ৰাম সন্দেহজনক ড্ৰাগছ আৰু দুটা মোবাইল ফোন জব্দ কৰে। ধৃত দুগৰাকী ক্ৰমে ১নং সৰুডিৰাকৰ মণ্টু দহোটীয়া (৫২) আৰু কন্যা জনৈক দহোটীয়া গগৈ (৩০)। পৰৱৰ্তী সময়ত দুয়োকে কাকপথাৰ আৰক্ষীয়ে আটক কৰি কাকপথাৰ আৰক্ষী থানালৈ লৈ যোৱাৰ লগতে অধিক তথ্যৰ সন্ধানত মাৰাথন জেৰা অব্যাহত ৰাখে ৷ আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি দুই পিতৃ-কন্যাই ডিমাপুৰৰ পৰা ড্ৰাগছখিনি সৰবৰাহ কৰি আনিছিল ।