নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেনেল নোহোৱাকৈয়ে চাব পাৰিব ৰামায়ণ, মাত্ৰ লাগিব এইটো এপ্ছ

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ শনিবাৰৰ পৰা পুনৰ দূৰদৰ্শনত সম্প্ৰচাৰ হৈছে ৰামানন্দ সাগৰৰ ৰামায়ণ । বিশেষকৈ লক ডাউনৰ সময়ত দেশৰ জনসাধাৰণক কিছু আমোদ দিয়াৰ চিন্তা কৰি কেন্দ্ৰীয় চৰকাৰে ৮০-৯০ দশকৰ অন্যতম জনপ্ৰিয় আধ্যাত্মিক ধাৰাবাহিক ‘ৰামায়ণ’ পুনৰবাৰ সম্প্ৰচাৰ কৰাৰ ঘোষণা কৰিছিল ।

পিচে আপুনি যদি টেলিভিচনত ‘ৰামায়ণ’ চাবলৈ অসুবিধা পাইছে, তেন্তে মোবাইল এপ্ছৰ জড়িয়তে এতিয়াৰে পৰা চাব পাৰিব ৮০-৯০ দশকৰ ধাৰাবাহিক ‘ৰামায়ণ’।

প্ৰসাৰ ভাৰতীয়ে এক টুইট যোগে এই কথা সদৰী কৰিছে । য’ত তেওঁলোকে স্পষ্ট কৰিছে যে এতিয়াৰে পৰা ৰামায়ণৰ সম্প্ৰচাৰ এপ্ছৰ জড়িয়তেও কৰা হ’ব ।

প্ৰসাৰ ভাৰতীয়ে টুইটটোত লিখিছে- “ৰামায়ণ চাবলৈ newsonair ৰ এপ্ছটো ডাউনলোড কৰিবলৈ QR কোডটো স্কেন কৰক আৰু ২১ দিনৰ লকডাউনৰ সময়ছোৱাত আপোনাৰ প্ৰিয় ধাৰাবাহিক ৰামায়ণ উপভোগ কৰক ।”

You might also like