বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : কাকপথাৰত সেনা শিবিৰত এক ভয়ংকৰ আক্ৰমণ সংঘটিত হয়। মাজনিশা প্রায় ১২.৩০ বজাত সংঘটিত হয় এই আক্রমণ। সেনা শিবিৰলৈ লক্ষ্য কৰি ৩টা UBGL নিক্ষেপ কৰে। সেনা বাহিনীৰ শিবিৰটোলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণো কৰে। প্ৰায় আধাঘণ্টা ধৰি চলে এই আক্ৰমণ। আক্ৰমণত আহত হয় ৩ সেনা জোৱান। সেনাৰ শিবিৰত আক্ৰমণ কৰিবলৈ এখন ট্ৰাক ব্যৱহাৰ কৰা হৈছিল। পিছত আক্ৰমণ সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰা ট্ৰাকখন অসম-অৰুণাচল সীমান্তৰ ন-দিহিং নদীৰ পাৰৰ টেঙাপানীঘাটত উদ্ধাৰ হয়। পৰিত্যক্ত ট্ৰাকখন উদ্ধাৰ কৰে আৰক্ষীৰ দলে। এই আক্রমণত আলফা (স্বাঃ) জড়িত থকাৰ সন্দেহ।
Prev Post
You might also like