নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ কাতি বিহু : আউনীআটী সত্ৰত প্ৰজ্বলিত হ’ব ২১ যোৰা আকাশ বন্তি

কাইলৈ ৰাজ্যবাসীয়ে পালন কৰিব অসমীয়াৰ বাপতিসাহোন কাতি বিহু । মাজুলীতো কাতি বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰত ঐতিহ্য-পৰম্পৰা ৰক্ষা কৰি কাইলৈ প্ৰজ্বলন কৰিব আকাশ বন্তি।

ঐতিহাসিক আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপনৰ প্ৰস্তুতি শেষ হৈছে। আউনীআটী সত্ৰত প্ৰতিষ্ঠা কালৰে পৰা এই পৰম্পৰা চলি আহিছে । তাৰ বাবে প্ৰতি বছৰৰ দৰে এইবাৰো সত্ৰৰ কীৰ্তন ঘৰৰ নিচেই কাষতে ২১ যোৰা বন্তি প্ৰজ্বলন কৰিব। যদিওবা কাতি বিহু কঙালী তথাপি সত্ৰসমূহত এই বিহু আধ্যাত্মিকতাৰ ফালৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে গণ্য কৰা হয়। কাতি মাহটো পুণ্য মাহ আৰু এই কাতি মাহত তুলসী ৰোপণ কৰিলে মানৱ জাতিৰ কল্যাণ সাধন হোৱাৰ লগতে ২১ পুৰুষ উদ্ধাৰ হয় বুলি ধৰ্মীয় বিশ্বাস আছে। কথাপদ্ম পুৰাণতো তুলসী দৰ্শন মাত্ৰে পুণ্য হয় স্পৰ্শ কৰিলে পাপ ক্ষয় হয় আৰু তুলসীৰ তলত সকলো তীৰ্থ পোৱা যায় বুলি উল্লেখ আছে।

আউনীআটী সত্ৰৰ ২১ যোৰা আকাশ বন্তি সমগ্ৰ কাতি মাহটোতে প্ৰজ্বলিত হৈ থাকিব। কাইলৈ সত্ৰৰ পৰম্পৰা অনুসৰি গায়ন-বায়ন, ঢুলীয়া-খুলিয়া, ওজাপালি, সংকীৰ্তন আদিৰ মাজেৰে সত্ৰাধিকাৰে সন্ধিয়াৰ ভাগলৈ ২১ যোৰা আকাশ বন্তি প্ৰজ্বলন কৰিব। সমান্তৰালভাৱে সত্ৰৰ কণ কণ বৈষ্ণৱসকলেও তুলসী ভেটি নিৰ্মাণত লাগি পৰিছে।

নিয়মীয়া বাৰ্তা, বনগাঁও, ১৭ অক্টোবৰ
You might also like