নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাৰ বেংকৰ ২৭ কোটি টকা হৰলুকী : লাহৰীঘাটত ধৃত কুখ্যাত চাইবাৰ অপৰাধী

চাইবাৰ অপৰাধৰ হাব হিচাপে পৰিচিত মৰিগাঁও জিলাৰ লাহৰীঘাটত কেৰালা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় কুখ্যাত চাইবাৰ অপৰাধী। কেৰালাৰ ফেডাৰেল বেংকৰ পৰা অসৎ উপায়েৰে লাহৰীঘাটৰ চাইবাৰ অপৰাধীয়ে হৰলুকী কৰিছিল বহু পৰিমাণৰ ধন। ফেডাৰেল বেংকৰ গোচৰৰ ভিত্তিত লাহৰীঘাটত উপস্থিত হয় কেৰালা আৰক্ষীৰ এটি তিনিজনীয়া দল।

কেৰালাৰ ফেডাৰেল বেংকৰ পৰা ২৭ কোটি টকা হৰলুকী কৰা মূল মাষ্টাৰ মাইণ্ড চিৰাজুল ইছলামৰ ঘৰ বোৱালগুৰিত। যোৱানিশা লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষকৰ সহযোগত কেৰালা আৰক্ষীৰ এটি দলে কুখ্যাত চাইবাৰ অপৰাধী চিৰাজুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । পিছত সমজিলা আৰক্ষী অধীক্ষক ড০ দিগন্ত বৰুৱা আৰু কেৰালা আৰক্ষীৰ দলটিয়ে ধৃত কুখ্যাত চাইবাৰ অপৰাধীটোৰ বাসগৃহ আৰু ফাৰ্মত অভিযান চলায় । ধৃত চাইবাৰ অপৰাধীটোৰ বিলাসী বাসগৃহ প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ পৰে আৰক্ষীৰ দলটি।

আনহাতে, ধৃত চাইবাৰ অপৰাধীটোৱে ব্যৱহাৰ কৰা  ২৭ লাখটকীয়া বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । উল্লেখ্য যে ধৃত চাইবাৰ অপৰাধী চিৰাজুল ইছলামৰ নিজৰ একাউণ্টেৰে ৪ কোটি টকা হৰলুকী কৰিছিল। কেৰালা আৰক্ষীয়ে অধিক তদন্তৰ বাবে ধৃত চাইবাৰ অপৰাধী চিৰাজুল ইছলামক কেৰালালৈ লৈ যায়।

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ১৭ অক্টোবৰ :

You might also like