নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনবিহীন ২৮টা  দিন : সোণাপুৰৰ সমাধি ক্ষেত্ৰত অমৃতকণ্ঠলৈ ৰাহুল গান্ধীৰ শ্ৰদ্ধাঞ্জলি

জাতি নাই, ধৰ্ম নাই ৷ কেৱল মানুহ আৰু মানুহ ৷ সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ হৈ পৰিছে সমন্বয়ৰ প্ৰতীক ৷ সকলোৰে মৰমৰ আপোন শিল্পীজনে চিৰবিদায় লোৱাৰ ২৮টা দিনৰ পিছতো অনুৰাগীৰ চকুত চকুলো ৷ অসহনীয়- কোনেও চিৰবিদায় দিব পৰা নাই আপোন শিল্পীজনক ৷

এনে সময়তে আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধী জুবিনৰ সমাধিস্থলীত উপস্থিত হয়৷ ৰাহুল গান্ধী আজি দুপৰীয়া ভাগত এখন বিশেষ বিমানেৰে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। তাৰ পৰা তেওঁ পোনে পোনে সোণাপুৰলৈ যাত্ৰা কৰে। সোণাপুৰত জুবিনক্ষেত্ৰত ধূপ-চাকি, ফুলেৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এটি নাহৰ পুলিও ৰোপণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ তেওঁক সহযোগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ লগতে বহুকেইগৰাকী দলীয় নেতা-কৰ্মীয়ে ৷

তাৰ পিছতে ৰাহুল গান্ধীয়ে কাহিলিপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহলৈ যায়। কাহিলিপাৰাৰ বাসগৃহত তেওঁ গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ আন সদস্যসকলক সাক্ষাৎ কৰে।

নিয়মীয়া বাৰ্তা, সোণাপুৰ, ১৭ অক্টোবৰ 

You might also like