নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BJP–BPFৰ মিত্ৰতা চূড়ান্ত, শান্তি-সমন্বয়ৰ দিশত নতুন অধ্যায়

ভাৰতীয় জনতা পাৰ্টী (BJP) আৰু বড়োলেণ্ড পিপল্‌ছ ফ্ৰণ্ট (BPF)-ৰ মাজত পুনৰ মিত্ৰতা চূড়ান্ত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে BTRৰ ১৫খন বিধানসভা আসনক লৈ দুয়ো পক্ষৰ মাজত ইতিমধ্যেই বুজাবুজি সম্পন্ন হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কোৱা মতে, জানুৱাৰীৰ ভিতৰত এই বুজাবুজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হব।

মুখ্যমন্ত্ৰীয়ে কয় যে “২০২৬ চনৰ বিধানসভা নিৰ্বাচনত BJP আৰু BPF একেলগে সমন্বিত ৰণকৌশলেৰে আগবাঢ়িব।”

ইফালে মুখ্যমন্ত্ৰীয়ে কয় যে “BPFৰ মিত্ৰতা আৰু চৰণ বড়োৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তি বড়োভূমিৰ শান্তি, প্ৰগতি আৰু সমন্বয়ৰ দিশত এটা মাইলৰ খুঁটি।”

আনহাতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে হাগ্ৰামা মহিলাৰীৰ সৈতে মোৰ সম্পৰ্ক বহুত পুৰণি, আৰু দুয়োজনে বৃহত্তৰ বড়োভূমিৰ উন্নয়নৰ বাবে একেলগে কাম কৰিবলৈ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ অক্টোবৰ

You might also like