কাইলৈ এমাহ হ’ব প্ৰিয় মানুহজনক হেৰুওৱাৰ… বিগত ২৯টা দিনে দুচকুৰে নিগৰিছে কেৱল চকুলো। প্ৰাণাধিক আপোন মানুহজনক হেৰুওৱাৰ বেদনাত প্ৰতিটো পল পাৰ কৰিব লগা হৈছে গৰিমাই। লগতে প্ৰতিক্ষণ ন্যায়প্ৰাপ্তিৰ যুঁজখনত অৱতীৰ্ণ হৈছে গৰিমা শইকীয়া গাৰ্গ।
প্ৰিয় মানুহজনৰ অন্তিম শয়নস্থলীত এক্ষন্তেক কটোৱাৰ বাবে শুকুৰবাৰে নিশা উপস্থিত হয় পত্নী গৰিমা শইকীয়া গাৰ্গ। প্ৰিয়জনৰ শয়নস্থলীত ধূপ-চাকি জ্বলাই সেৱা জনায় গৰিমা শইকীয়া গাৰ্গে। কিছু সময় অকলে কথা পতাৰ বাবে বিগত দিনকেইটাত গৰিমা গৈছে জুবিন ক্ষেত্ৰলৈ। প্ৰাণৰ শিল্পীগৰাকীৰ শুকুৰবাৰে দেহাৱসান ঘটা হেতুকে প্ৰতি শুকুৰবাৰে গৰিমা গৈছে আপোন মানুহজনৰ অন্তিম শয়নস্থলীলৈ। যোৱানিশাও অগণন অনুৰাগীয়ে ভিৰ কৰি থকা জুবিন ক্ষেত্ৰত কিছু সময় প্ৰিয় মানুহজনৰ সৈতে মনৰ ভিতৰতে কথা পাতিলে গৰিমাই। ১৭ অক্টোবৰৰ নিশাও জুবিন ক্ষেত্ৰত উপস্থিত হৈ গৰিমাই কিছু কথা পাতিছিল প্ৰাণাধিক আপোন মানুহজনৰ সৈতে।
কালি নিশা জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গে কয়- ‘মোৰ যেতিয়াই জুবিনক কিবা ক’বলগীয়া থাকে মই তেতিয়াই আহিম। মোক জুবিনে আগবঢ়াই নিব লাগিব, জুবিনে মনৰ কথা শুনিব, মোক আশীৰ্বাদ দিব। মই তেওঁক সকলো ক’ম, তেওঁ সকলো শুনিব। জুবিনে বৰ অসমৰ সপোন দেখিছিল, বৰ অসমখন আমি সকলোৱে মিলি গঢ়িব লাগিব।’
এবুকু বেদনা লৈ এতিয়া প্ৰতিক্ষণ গৰিমাই হাহাকাৰ কৰিছে আপোন মানুহজনৰ ন্যায়ৰ বাবে। লগতে সকলোকে জুবিনৰ ন্যায়ৰ যুঁজখনত ধৈৰ্যসহকাৰে একেলগে থিয় দিবলৈ আহ্বান জনায় গৰিমা শইকীয়া গাৰ্গে।
ডিজিটেল ডেস্ক, ১৮ অক্টোবৰ