গোৱালপাৰাত উচ্ছেদাভিযান, দহিকটা বনাঞ্চল খালী কৰাৰ নিৰ্দেশ বন বিভাগৰ
সূৰ্য্যপাহাৰ পীঠস্থানৰ ২৫৫২ বিঘা মাটিৰ ১৩৩ আৰু ১৪০ দাগ নম্বৰৰ পট্টাৰ ৮৮১ বিঘা মাটিয়ে বৰ্তমান বেদখলকাৰীৰ কবলত
গোৱালপাৰাত পুনৰ চলিব বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান৷ বহু চৰ্চিত দহিকটা সংৰক্ষিত বনাঞ্চল আৰু পাইকান সংৰক্ষিত বনাঞ্চল (দ্বিতীয় খণ্ড) খালী কৰাৰ নিৰ্দেশ বন বিভাগৰ৷ বেদখলকাৰীক ৩০ দিনৰ সময়সীমা বান্ধি দিছে বন বিভাগে৷
বেদখলমুক্ত হোৱাৰ দিশে দহিকটা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ঐতিহাসিক শ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থান। শীঘ্ৰেই পাইকান সংৰক্ষিত বনাঞ্চলৰ লগতে উচ্ছেদ চলিব দহিকটা সংৰক্ষিত বনাঞ্চলত৷ ইতিমধ্যেই দহিকটা সংৰক্ষিত বনাঞ্চলত বন বিভাগে জাননী জাৰি কৰি বেদখলকাৰীক মাটি এৰিবলৈ নিৰ্দেশো দিছে ৷
দহিকটা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত গোৱালপাৰাৰ ঐতিহাসিক সূৰ্যপাহাৰ পীঠস্থানৰ বেদখল ভূমিত জাননী জাৰি কৰিছে বন বিভাগে৷ সূৰ্য্যপাহাৰ পীঠস্থানৰ ২৫৫২ বিঘা মাটিৰ ১৩৩ আৰু ১৪০ দাগ নম্বৰৰ পট্টাৰ ৮৮১ বিঘা মাটিয়ে বৰ্তমান বেদখলকাৰীৰ কবলত।
বাৰ্তা ব্যুৰো গোৱালপাৰা, ২৩ অক্টোবৰ