কোকৰাঝাৰত ৰে’লপথত আইইডি বিস্ফোৰণ, স্তব্ধ ৰে’লৰ যাতায়াত
বিস্ফোৰণৰ ফলত বৰ্তমান সম্পূৰ্ণভাৱে ৰেলৰ চলাচল স্থগিত ৰখা হৈছে। বঙাইগাঁও, আলিপুৰদুৱাৰ আৰু কোকৰাঝাৰত কেইবাখনো যাত্ৰীবাহী ৰেল আৱদ্ধ হৈ পৰিছে।
কোকৰাঝাৰ আৰু চালাকাটিৰ মাজত ৰেল পথত সংঘটিত হৈছে ভয়ংকৰ আই ই ডি বিস্ফোৰণ। এই ঘটনা সংঘটিত হৈছে কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ পূবফালে। বিস্ফোৰণৰ তীব্রতাত ৰেলপথৰ একাংশত বিস্তৰ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে।
বিস্ফোৰণৰ ফলত বৰ্তমান সম্পূৰ্ণভাৱে ৰেলৰ চলাচল স্থগিত ৰখা হৈছে। বঙাইগাঁও, আলিপুৰদুৱাৰ আৰু কোকৰাঝাৰত কেইবাখনো যাত্ৰীবাহী ৰেল আৱদ্ধ হৈ পৰিছে।
আৰক্ষী আৰু ৰেল সুৰক্ষা বাহিনী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বিস্ফোৰণত কোনো হতাহত হোৱা নাই। আই ই ডি কোনে স্থাপন কৰিছিল সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই।
এই ঘটনাই অঞ্চলজুৰি চেপা আতংকময় পৰিৱেশ সৃষ্টি কৰিছে। সুৰক্ষা বাহিনীয়ে সমগ্ৰ অঞ্চলখনত তালাচী অভিযান তীব্র কৰি তুলিছে আৰু সম্ভাৱ্য সন্দেহজনক লোকৰ ওপৰত নজৰ ৰাখিছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৩ অক্টোবৰ