নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ বিৰুদ্ধে অন্য এক কৌশল জইছ-ই-মহম্মদৰ, অনলাইনযোগে নিযুক্তি মহিলা সন্ত্রাসবাদীক

অপাৰেচন সিন্দূৰত বিধ্বস্ত হোৱা পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন জইছ–ই–মহম্মদে ভাৰতৰ বিৰুদ্ধে পুনৰ সক্রিয় হোৱাৰ লক্ষ্য লৈছে৷ এইবাৰ ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ জইছ–ই–মহম্মদে মহিলা সন্ত্রাসবাদী গোট গঠন কৰিছে৷ অনলাইন পাঠ্যক্রমযোগে নিযুক্তি দিব মহিলা সন্ত্রাসবাদীক৷

জামাত উল মুমিনত নামেৰে গঢ়ি তোলা মহিলা সন্ত্রাসবাদী ব্রিগেডত অনলাইনযোগে জেহাদী প্রশিক্ষণ দিব৷ অনলাইন পাঠ্যক্রমটোৰ নাম ৰখা হৈছে তুফাত উল মুমিনত৷ এই পাঠ্যক্রমৰ জৰিয়তে মহিলাসকলক সন্ত্রাসবাদী কার্যকলাপৰ প্রশিক্ষণ দিয়া হ’ব৷ অহা ৮ নৱেম্বৰৰ পৰা এই পাঠ্যক্রম অৰম্ভ হ’ব৷ সমগ্র পাঠ্যক্রমটোৰ নেতৃত্ব লৈছে জইছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ আৰু পৰিয়ালৰ সদস্যই৷ এই পাঠ্যক্রমত জেহাদ, ধর্ম আৰু ইছলামৰ ওপৰত প্রশিক্ষণ দিয়া হ’ব৷

সংবাদ মাধ্যমত চর্চিত মতে, আজহাৰৰ ভগ্ণী ছাদিয়া আজহাৰ অৰু ছামাইৰা আজহাৰে প্রতিদিনে ৪০ মিনিটকৈ অনলাইনযোগে জেহাদৰ প্রশিক্ষণ দিব৷ ইয়াৰ জৰিয়তে মহিলাক সন্ত্রাসবাদী হিচাপে গঢ়ি তুলি ভাৰতৰ বিৰুদ্ধে যুঁজত ব্যৱহাৰ কৰিব৷

উল্লেখ্য যে সন্ত্রাসবাদী সংগঠনটোৱে এই পাঠ্যক্রমৰ বাবে প্রতিগৰাকী মহিলাৰ পৰা ৫০০ পাকিস্তানী টকা দান হিচাপে ল’ব৷ গুৰুত্বপূর্ণ যে অনলাইনযোগে নিযুক্তি দিয়া মহিলা সন্ত্রাসবাদীক আত্মঘাতী অক্রমণৰ বাবে সাজু কৰি তুলিব৷

ডিজিটেল ডেস্ক, ২৩ অক্টোবৰ :

You might also like