বাৰ্তা ব্যুৰ’, গোৱালপাৰা, ৯ অক্টোবৰ : অৱশেষত বহু আকাংক্ষিত গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলকাৰীলৈ উচ্ছেদৰ জাননী জাৰি কৰিছে গোৱালপাৰা বন বিভাগে।
গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীসূৰ্য পাহাৰৰ পশ্চিম-উত্তৰ দিশৰ লগতে ডুবাপাৰা গাঁৱৰ দক্ষিণ দিশত থকা দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি ছয় শতাধিক পৰিয়ালে বসবাস কৰি আহিছে। উক্ত বেদখলকাৰীসকলক উচ্ছেদৰ বাবে আজি গোৱালপাৰা আঞ্চলিক বন বিষয়াৰ লগতে কৃষ্ণাই মধ্য বনাঞ্চলিক বিভাগৰ আঞ্চলিক বন বিষয়া আৰু গোৱালপাৰা বন সুৰক্ষা বিভাগৰ বনাঞ্চলিক বিষয়াসহ বন বিভাগৰ বৃহৎ দল এটাই ঘৰে ঘৰে গৈ উচ্ছেদৰ জাননী দিয়ে। গোৱালপাৰা বন সংমণ্ডল বিষয়াই জাৰি কৰা জাননীত উল্লেখ কৰা মতে, গোৱালপাৰা আঞ্চলিক বনাঞ্চল, গোৱালপাৰা বন সংমণ্ডলৰ অন্তৰ্গত নিৰ্ধাৰিত সীমাৰ ভিতৰৰ দহিকাটা সংৰক্ষিত/ সুৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি বিভিন্ন নিষিদ্ধ কাৰ্যকলাপ চলাই আছে, যেনে গছ-গছনি কটা, ঘৰ নিৰ্মাণ কৰা, ব্যৱসায়িক গছ-গছনি (যেনে তামোল-পাণ) ৰোপণ কৰা, পুখুৰী খন্দা আৰু বনাঞ্চলৰ মাটি কৃষিৰ বাবে ৰূপান্তৰ কৰা আদি। যিহেতু এনে ধৰণৰ কাম-কাজক অসম বন আইনৰ নিয়মাৱলী, ১৮৯১ (১৯৯৫ চনত সংশোধিত)ৰ ২৪ আৰু ২৫ নং ধাৰাৰ অধীনত বেআইনী বুলি বিবেচিত কৰা হয়।
আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ছও মট’ পি আই এল নং ১/২০২২ৰ লগতে ডব্লিউ এ নং ২৫১/২০২৫ আৰু ডব্লিউ এ নং ২৫২/২০২৫ (১৮.০৮.২০২৫ তাৰিখৰ আদেশ) মর্মে বন বিভাগক সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধ বেদখল আঁতৰাবলৈ নিৰ্দেশ দিয়ে আৰু বেদখলকাৰীক যুক্তিসংগতভাৱে তেওঁলোকৰ উপস্থিতি বুজাবলৈ ১৫ দিনৰ সময়সীমা বান্ধি দিয়াৰ লগতে অতিৰিক্তভাৱে বনাঞ্চলৰ মাটি খালী কৰিবলৈ আৰু ১৫ দিনৰ সুযোগ দিয়া হয়। সেয়েহে এই জাননী জাৰি কৰা তাৰিখৰ পৰা পোন্ধৰ দিনৰ ভিতৰত উক্ত বনাঞ্চলৰ মাটিত বসবাসকাৰীসকলৰ দখলৰ ন্যায্যতা প্রদান কৰিবলৈ যিকোনো দাবী, প্রতিনিধিত্ব বা সমর্থনকাৰী নথিপত্র যদি আছে দাখিল কৰিবলৈ জনোৱা হৈছে। পৰৱৰ্তী পোন্ধৰ দিনৰ ভিতৰত (অর্থাৎ এই জাননীৰ তাৰিখৰ পৰা ৩০ দিনৰ ভিতৰত) বেদখল কৰা বনাঞ্চলৰ ভূমি খালী নকৰিলে বন বিভাগ, জিলা প্রশাসন আৰু আৰক্ষীৰ সহযোগত উচ্ছেদৰ কাৰ্যসূচী ৰূপায়ণ কৰিব, যাৰ ফলত বনাঞ্চলৰ ভূমিত বসবাসকাৰীৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ খৰচ বন বিভাগে গ্রহণ নকৰিব।
উল্লেখ্য যে সংৰক্ষিত/সুৰক্ষিত বনাঞ্চলৰ ভূমিৰ ভিতৰত অকর্তৃত্বশীলভাৱে থকা আৰু বেআইনী কাৰ্যকলাপ অসম বন নিয়ম, ১৮৯১ৰ অধীনত দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্ছেদ অভিযান চলোৱা হ’ব আৰু উচ্ছেদ প্ৰক্ৰিয়াৰ সময়ত হোৱা কোনোধৰণৰ ক্ষতি বা লোকচানৰ বাবে গোৱালপাৰা বন সংমণ্ডল দায়ী নহ’ব বুলি জাননীখনত উল্লেখ কৰিছে।