হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তৱৰ্তী বিলগাঁৱত বন্যহস্তীৰ কৰুণ মৃত্যু
ঘটনাৰ সময়ত হাতী দুটা ধানখেতিত আহি আহাৰ বিচাৰি সোমাই পৰিছিল বুলি স্থানীয় লোকে জনায়
হোজাই-পশ্চিম কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী খাৰিখানা বিলগাঁৱত দুটাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু ঘটিছে। ধাননিৰ মাজত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় হাতী দুটা।
সূত্ৰ মতে, ধাননি পথাৰ সুৰক্ষাৰ বাবে লগোৱা বিদ্যুতৰ তাঁৰত লাগি হাতী দুটাৰ মৃত্যু ঘটে। ঘটনাৰ সময়ত হাতী দুটা ধানখেতিত আহি আহাৰ বিচাৰি সোমাই পৰিছিল বুলি স্থানীয় লোকে জনায়।
ঘটনাস্থলীত বন বিভাগৰ কৰ্মচাৰী আৰু পশু চিকিৎসক উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। বন বিভাগে ইতিমধ্যে ঘটনাটোৰ সম্পূৰ্ণ অনুসন্ধান আৰম্ভ কৰিছে।
স্থানীয় লোকসকলে এই হৃদয়বিদাৰক ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে আৰু বিদ্যুৎ তাঁৰৰ ব্যৱস্থাপনাত অধিক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৩ অক্টোবৰ