নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : জেমিমা- ৰীল বনাই ভাল পোৱা ছোৱালীজনী

যদিওবা হকী ভাৰতৰ ৰাষ্ট্রীয় খেল, তথাপি কিন্তু দেশবাসীৰ সকলো আৱেগ আৰু ৰোমাঞ্চ ক্রিকেট খেলক লৈহে৷ ক্রিকেট মাথোঁ ভাৰতীয়ৰ অতি প্রিয় খেলেই নহয়, ই এক স্বাভিমানলৈ ৰূপান্তৰিত হৈছে৷ ক্রিকেটক লৈ দেশবাসীয়ে বহু স্বপ্ণ দেখে৷ স্বপ্ণ দেখে বিশ্ব খিতাপ জয়ৰো৷ চিৰপ্রতিদ্বন্দ্বী দলক হৰুৱাই কাংক্ষিত বিজয় সাব্যস্ত কৰিলে যেনেদৰে আবতৰীয়া দীপাৱলী পালন কৰে দেশবাসীয়ে, ঠিক তেনেদৰে চিৰশত্রু দেশৰ হাতত পৰাস্ত হ’লে ভাৰতত ক্ষোভৰ জুই জ্বলে৷

আঠ বছৰীয়া শিশুটিৰ পৰা ৮০ বছৰীয়া বৃদ্ধলৈকে বছৰৰ ১২টা মাহেই দেশৰ ক্রীড়াপ্রেমীক আচ্ছন্ন কৰি ৰাখে ক্রিকেটে৷ ভাৰতৰ খেল থাকিলে পুৱাৰে পৰা মাজনিশালৈ দৃষ্টি নিবদ্ধ হৈ থাকে হয় টিভিৰ স্ক্রীনত নতুবা ম’বাইলত৷ দুবাৰকৈ এদিনীয়াৰ বিশ্বকাপ আৰু দুবাৰ টী–২০ৰ বিশ্ব খিতাপ দখল কৰা ভাৰতীয় ক্রিকেট দলৰ শৌর্য–বীর্য–পৰাক্রম্ অলেখ কাহিনী দেশবাসীৰ মুখে মুখে৷ বহু ৰূপকথাৰ নায়কো ক্রিকেট দলটোৰ তাৰকা খেলুৱৈসকল৷

তেওঁলোকৰ ঈর্ষণীয় পৰিসংখ্যাও ক্রিকেটপ্রেমীৰ আঙুলিৰ মূৰত৷ কিন্তু তাৰকা পুৰুষ ক্রিকেটাৰ নহয়, এই ৰূপকথাৰ নায়িকা হ’ল জেমিমা ৰড্রিগুৱেজ৷ অখ্যাতপ্রায় জেমিমা ৰাতিটোৰ ভিতৰতে এতিয়া দেশবাসীৰ নয়নৰ মণি৷ নেক্সট বিগ থিং ইণ্ডিয়ান ক্রিকেট…৷ বৃহস্পতিবাৰে নিশা মহিলা বিশ্বকাপ ক্রিকেটৰ ছেমিফাইনেলত শ্বাসৰুদ্ধকৰ এটা ইনিংছ খেলি ভাৰতক অবিশ্বাস্য বিজয় প্রদান কৰাৰ আপাহতে জেমিমা এতিয়া দেশবাসীৰ নয়নৰ মণি৷

ভাৰতীয় ক্রিকেটৰ পুৰুষ দলটোতে সাধাৰণতে সকলো চর্চা সীমাবদ্ধ হৈ থাকে৷ তাৰ তুলনাত মহিলা ক্রিকেট দলটোৰ চর্চা প্রায় নিষ্প্রভ৷ মুষ্টিমেয় ক্রিকেট বোন্দাসকলৰ বাহিৰে সাধাৰণ ক্রিকেটপ্রেমীসকলে মহিলা দলটোৰ বিষয়ে বৰ বেছি খা–খবৰ নাৰাখে৷

বহুতেই নাজানে মহিলা ক্রিকেট দলটোৱে  ক’ত কেতিয়া কি খেলি আছে৷ পুৰুষ ক্রিকেট দলটোৰ খেলক লৈ অবিশ্বাস্য উন্মাদনা সৃষ্টি হোৱা এখন দেশত মহিলা দলটোৰ প্রতি এই ‘অৱহেলা’ নিতান্তই চকুত লগা৷ সেয়ে স্বাভাৱিকতেই জেমিমা ৰড্রিগুৱেজৰ কথা নজনাটোৱেই স্বাভাৱিক৷ বৃহস্পতিবাৰে অত্যন্ত গুৰুত্বপূর্ণ ছেমিফাইনেলত প্রথমে বেটিং কৰি মহাশক্তিশালী অষ্ট্রেলিয়াই পর্বতসম ৩৩৯ ৰান সংগ্রহ কৰিছিল৷

বেটে–বলে সমানে পৰাক্রমী সাতবাৰৰ বিশ্বকাপ বিজয়ী অষ্ট্রেলিয়াৰ এই ৰানৰ পাহাৰ অতিক্রম কৰাটো ভাৰতীয় মহিলা ক্রিকেট দলটোৰ বাবে আছিল অত্যন্ত কঠিন৷ আশংকা কৰাৰ দৰেই অষ্ট্রেলিয়াৰ বিশাল স্ক’ৰ অনুসৰণ কৰিবলৈ গৈ প্রথমতেই বিপদত পৰিছিল ঘৰুৱা দলটো৷ তাৰকা খেলুৱৈ স্মৃতি মান্ধানা আৰু সতীর্থ অ’পেনাৰ শেফালী বার্মাই কম ৰানতে পেভিলিয়নলৈ উভতি যোৱাত ভাৰতৰ জয়ৰ আশা প্রায় সমাপ্তিয়েই হৈছিল৷

আৰু সেই তাৰে পৰাই আৰম্ভ হৈছিল ভাৰতীয় ক্রিকেটৰ ইতিহাসত প্রত্যাক্রমণৰ সকলোতকৈ মধুৰ ৰূপকথাৰ কাহিনীটোৰ৷ জেমিমা আৰু অধিনায়িকা হৰমনপ্রীত কৌৰে হিচাপী খেলেৰে বৃহৎ যুটি বান্ধি দলক জয়ৰ কাষ চপাই আনিছিল৷

কিন্তু এই সময়তে হৰমনপ্রীত আউট হোৱাৰ লগতে সঘনে আৰু কেইটামান উইকেটৰ পতন ঘটাত ভাৰত বিপদত পৰিছিল৷ তেতিয়াই এক মহাকাব্যিক শতকীয় ইনিংছেৰে ভাৰতক সেই বিপদৰ পৰা তুলি অনাই নহয়, দলক প্রদান কৰিছিল অবিশ্বাস্য ৰুদ্ধশ্বাস জয়৷ ভাৰতৰ ইতিহাসত এয়াই আছিল ৰান অনুসৰণ কৰি কৰা সর্ববৃহৎ জয়৷ এই টুর্নামেণ্টখন আৰম্ভ হোৱাৰ আগলৈকে মূল একাদশত স্থান লাভ কৰাটো নিশ্চিত নোহোৱা জেমিমাই লীগৰ অন্তিমখন মেচতো দলত স্থান পোৱা নাছিল৷

প্রায়ে বেটিং ক্রমৰ বিভিন্ন স্থানত বেট কৰিবলগীয়া হোৱা জেমিমাৰ নির্দিষ্ট বেটিং স্থানো নাছিল৷ ক্রিকেটৰ সমান্তৰালকৈ ভিডি’ৰ ৰীল বনাই ভাল পোৱা জেমিমাৰ ৰীল কিছু জনপ্রিয়৷ এই ৰীল বনোৱা হ’বীৰ বাবেও জেমিমাই সততে সমালোচনাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছিল৷ কিন্তু বৃহস্পতিবাৰে নিশা সেই ৰীল বনাই ভাল পোৱা ছোৱালীজনী হৈ উঠিল ভাৰতীয় ক্রিকেটৰ ৰূপকথাৰ নায়িকা৷

You might also like