নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৯০ বছৰীয়া বোলছবি ইতিহাসত অভিলেখ ৰৈ ৰৈ বিনালেৰ

ৰৈ ৰৈ বিনালে সকলো দর্শকে৷ দুচকুৰে লোটক নিগৰাই লাখ লাখ দর্শকৰ প্রাণৰ শিল্পীক সুঁৱৰি উচুপি উঠিল চিত্রগৃহত৷ এক বর্ণনাতীত আৱেগিক পৰিৱেশ৷ প্রিয় শিল্পীগৰাকীৰ বর্ণিল সত্তাক চেলুলয়ডত জীৱন্ত ৰূপত বিচাৰি অন্তিমবাৰৰ বাবে প্রয়াস চলাই হাহাকাৰ কৰি উচুপি উঠিল সকলো দর্শক৷

অসম তথা দেশৰ ৪৬খন চহৰৰ ৫০০খনতকৈও অধিক স্ক্রীনত অভিনয় চাই প্রতিজন দর্শকেই মাথোঁ সুঁৱৰিলে প্রাণৰ শিল্পীগৰাকীক৷ শিল্পীগৰাকীৰ সত্তাক৷ কাহিনীৰ গভীৰতা, কাহিনীত বাস্তৱৰ অনুৰণন, সংগীতৰ প্রতিটো লহৰে চুই যোৱা সুৰে অসমৰ চলচ্চিত্র ইতিহাসত প্রতিজন দর্শককে বেদনাসিক্ত কৰি তুলিলে৷

জীৱনৰ শেষৰখন বোলছবি ‘ৰৈ ৰৈ বিনালে’ত জীৱন্ত জুবিনক বিচাৰি হয়তো ছিংগাপুৰৰ সাগৰৰ তলিত শুই পৰা জুবিন গার্গেও চুকুলো নিগৰালেহেঁতেন৷ মৃত্যুৰ ৪২ দিনৰ পিছত শিল্পীগৰাকীৰ অভিনয়, সংগীত পৰিচালনাত নির্মিত ‘ৰৈ ৰৈ বিনালে’ দেশ–বিদেশৰ ছবিগৃহত মুকলি হোৱাৰ পিছত ছবিখন দর্শন কৰি আৱাল–বৃদ্ধ বনিতা, যুৱক–যুৱতীৰ পৰা আৰম্ভ কৰি দিব্যাংগজনলৈ সকলো দর্শকেই মূকবাক, শব্দহীন, শোকার্ত৷ দেশৰ চলচ্চিত্রৰ ইতিহাসত লাখ লাখ দর্শকে এনেদৰেই এখন চলচ্চিত্র চাবলৈ গৈ সমস্বৰে উচুপি উঠা ঘটনা বিৰল৷

‘শেষ বুলিলেইটো শেষ নহয়, আকৌ আৰম্ভ হয়’– এই অমোঘ সত্য প্রকাশিত বাক্যাংশৰে সামৰণি পৰা চলচ্চিত্রখন দর্শন কৰি শিল্পীৰ অভিনয় চাই, কাহিনীৰ মর্মার্থ উপলব্ধি কৰি হূদয়ত সহিব নোৱাৰা দুখ লৈ আধাতে ছবিগৃহৰ পৰা ওলাই আহি বাহিৰত হুকহুকাই কান্দিবলগা হোৱা পৰিস্থিতি কেৱল ‘ৰৈ ৰৈ বিনালে’ৰ ক্ষেত্রতহে সম্ভৱ হ’ল কাকতালীয়ভাৱে অসমৰ ছবিগৃহসমূহত ‘ৰৈ ৰৈ বিনালে’ৰ শুভমুক্তিৰ সময়তেই অহা এজাক বৰষুণেও যেন বহু কথাই কৈ গ’ল৷

ছিংগাপুৰৰ পৰা বিমানেৰে অসমলৈ প্রাণৰ শিল্পীগৰাকীক অনাৰ মুহূর্ত, সৰুসজাইত শিল্পীৰ নশ্বৰ শৰীৰ অনাৰ দিনাৰ দৰেই আজি শিল্পীগৰাকীৰ স্বপ্নৰ প্রকল্প ‘ৰৈ ৰৈ বিনালে’ৰ শুভমুক্তিৰ দিনটোতো বৰুণ দেৱতাই কৃপণালি নকৰাকৈ দিয়া পুষ্পাঞ্জলিৰ জৰিয়তে যেন বুজাই দিলে জুবিন আমাৰ আত্মাৰ সৈতে বিলিন হৈ আছে৷

জুবিনে যেন নেদেখা দূৰণিৰ পৰাই অসম আৰু অসমীয়াক এক অদৃশ্য সাঁকোৰে সংযোজিত কৰিছে৷ আশীর্বাদ আৰু শুভকামনা জনাইছে৷

উল্লেখ্য যে প্রাণৰ শিল্পীগৰাকীক হেৰুওৱাৰ ৪২ দিন পাৰ হৈ যোৱাৰ পাছত ‘ৰৈ ৰৈ বিনালে’ত তেওঁক আকৌ এবাৰ জীৱন্ত ৰূপত চাবলৈ, দেখিবলৈ পোৱাৰ হেঁপাহত সমগ্র ৰাতি উজাগৰে থাকি পুৱতি নিশাৰ বৰষুণকো নেওচি গুৱাহাটী মহানগৰবাসীৰ লগতে সমগ্র অসমবাসী জুবিন অনুৰাগীয়ে হিলদল ভাঙি ছবিগৃহসমূহত ভিৰ কৰে৷ পুৱতিনিশা প্রতিজন অসমীয়াৰ আশা, হেঁপাহ, বুকুৰ ঢ়পঢ়পনি আৰু অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত শুভমুক্তি লাভ কৰিলে জুবিন আৰু তেওঁৰ দলটোৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’৷

বহু প্রত্যাশিত ছবিখনৰ মুক্তিৰ দিনা বহু চিত্রগৃহ কর্তৃপক্ষই প্রাণৰ শিল্পীৰ বাবে বিশেষ আসন সংৰক্ষিত কৰি ৰখা পৰিলক্ষিত হয়৷ ‘ৰৈ ৰৈ বিনালে’ৰ নেতৃত্বত স্বয়ং জুবিন গার্গৰ উপৰি আছে বিশিষ্ট চলচ্চিত্র পৰিচালক ৰাজেশ ভূঞা আৰু শিল্পীপত্নী গৰিমা গার্গ৷

ছবিখনৰ পৰিচালনা ৰাজেশ ভূঞা, কষ্টিউম ডিজাইনাৰ গৰিমা শইকীয়া গার্গ, কাহিনী আৰু স্ক্রীপ্ট ৰাইটিং ৰাহুল গৌতম শর্মাৰ৷

স্মর্তব্য যে অসমৰ ৯০ বছৰীয়া বোলছবি ইতিহাসত কেইবাটাও অভিলেখ ৰচনা কৰা ‘ৰৈ ৰৈ বিনালে’ দর্শন কৰি দর্শকে শোকৰ উচুপনিৰ মাজতো জুবিন গার্গৰ মৃত্যুৰ ন্যায় দাবী কৰিলে৷

অসমৰ বোলছবি ইতিহাসত বুক মাই শ্ব’ৰ জৰিয়তে আগন্তুক এসপ্তাহলৈ সকলো বোলছবি গৃহৰ আসন সংৰক্ষণ কৰিছে ৭ লক্ষাধিক জুবিন অনুৰাগী দর্শকে৷ আগন্তুক ১৫ দিনলৈ অসমৰ ছবিগৃহত কোনো আসনেই খালী হোৱাৰ সম্ভাৱনা নাই বুলি স্পষ্ট কৰিছে বোলছবি গৃহ স্বত্বাধিকাৰীসকলে৷

তাৰ উপৰি অসমৰ বোলছবি পৰিচালকসকলে আগন্তুক তিনি–চাৰি মাহলৈ নতুন অসমীয়া বোলছবি ছবিগৃহলৈ অহাৰ সম্ভাৱনা নুই কৰিছে৷ অসমৰ বোলছবিগৃহ স্বত্বাধিকাৰী সংস্থাই ‘ৰৈ ৰৈ বিনালে’ চলি থকা অৱস্থাত কোনো হিন্দী ছবি প্রদর্শন কৰা নহ’ব বুলিও ইতিমধ্যে স্পষ্ট কৰি দিছে৷

ডিজিটেল ডেস্ক, ১ নৱেম্বৰ

You might also like