মৰাণত ভয়ংকৰ অগ্নিকাণ্ড : ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ
মৰাণ ১নং হিংৰিজান চেচাঁপুখুৰী বাহঁবাৰী গাঁও নিৱাসী তথা হিংৰিজান চাহ বাগিচাৰ শ্ৰমিক কাঠমিস্ত্ৰী মহেন কালান্দীৰ ঘৰত চৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হৈ ঘৰৰ সকলো সা-সম্পত্তি, মাটিৰ বাৰী পট্টাৰ লগতে নগদ ধন জুইত জাহ যায়।
স্থানীয় লোকে টিউৱেলৰ পৰা পানী কঢ়িয়াই জুই নুমুৱাব চেষ্টা চলাই যদিও ব্যৰ্থ হয়। অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ লক্ষাধিক টকাৰ ক্ষতি হয়। অগ্নিকাণ্ডত অৱশ্যে দৈৱক্ৰমে ৰক্ষা পৰে পৰিয়ালটি লোক। কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই।
ঘটনা সৰ্ভন্দত অগ্নিনিৰ্বাহক বাহিনীক খবৰ দিয়াৰ বহু পলমকৈ মৰাণ অইল ইণ্ডিয়া আৰু ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় যদিও পথৰ দুৰৱস্থাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ ডাঙৰ বাহন নোসোমোৱাৰ বাবে সৰু বাহন আনি জুই নুমুৱায়।
বিগত খুমটাই পঞ্চায়ত প্ৰতিনিধিয়ে পথটি সম্পূৰ্ণকৈ নিৰ্মাণ নকৰাৰ বাবে আজি এনে পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয় বুলি স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰে। ৰাইজে অভিযোগ কৰা মতে পঞ্চায়তৰ প্ৰতিনিধিৰ অমনোযোগিতাৰ বাবে আনকি ৰোগীৰ বাবে উক্ত পথটিত এম্বুলেন্স আদিও সোমাব নোৱাৰে।
ডিজিটেল ডেস্ক, ১ নৱেম্বৰ