নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ ডিচেম্বৰত SIT-য়ে দাখিল কৰিব চার্জশ্বীট

মই হত্যাকাণ্ড বুলি কৈছিলোঁ চিএমে যি কয় ভাবি–চিন্তি কয়

ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গার্গৰ হত্যা হৈছিল৷ –এই কথা পুনৰ স্পষ্ট কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

উল্লেখ্য যে প্রাণৰ শিল্পীগৰাকীক হত্যা কৰা বুলি মুখ্যমন্ত্রী ড০ শর্মাই ফেচবুক লাইভত ইতিপূর্বে প্রকাশ কৰা বক্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্র প্রতিক্রিয়া৷ ছিংগাপুৰত ৰহস্যজনক পৰিস্থিতিত মৃত্যু হোৱা জুবিন গার্গক কোনে হত্যা কৰিলে বা কেনেকৈ হত্যা কৰিলে তাক লৈ চলা ব্যাপক চর্চাৰ মাজতে পুনৰ মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– মই হত্যাকাণ্ড বুলি কৈছিলোঁ, সেয়াই হ’ব৷ জুবিন গার্গৰ মৃত্যুৰ তদন্ত চলাই থকা বিশেষ তদন্তকাৰী গোট (এছআইটি)–এ অহা ১৭ ডিচেম্বৰত তদন্তৰ প্রতিবেদন অথবা চার্জশ্বীট আদালতত দাখিল কৰিব৷

এই কথা উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীৰ মন্তব্য– হত্যাকাণ্ড বুলি কোৱাৰ বাবে মোক জোকাই থাকে৷ কিন্তু তেওঁলোকৰ মুখত চূণ পৰিব৷ ইফালে জুবিন গার্গক ন্যায় প্রদানত ৰাজ্য চৰকাৰ ব্যর্থ হোৱা তথা পিছহোঁহকা বুলি বিৰোধীয়ে কৰা অভিযোগৰ বিপৰীতে মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট মন্তব্য– জুবিন গার্গৰ ন্যায়ৰ ইছ্যু ডাইভার্ট নহয়৷ অহা ১৭ ডিচেম্বৰত সম্পূর্ণ তথ্য ৰাইজৰ আগলৈ লৈ আহিম, ক’টৰ আগতো লৈ আহিম৷ মানুহে মানিবলৈ বাধ্য হ’ব যে কিমান ডাঙৰ কাম নির্দিষ্ট সময়ত আমি কৰিব পাৰিলোঁ৷ মই ইমান কনফিডেণ্টলি কৈ আছোঁ যেতিয়া তাৰ পৰাই আপোনালোকে বুজি পাওক, মই কিমান বেছি কনফিডেণ্ট৷ ডাঙৰ তথ্যসহকাৰে এছআইটিৰ ৰিপ’ট দাখিল হ’ব৷ অসমৰ মানুহে বহু নজনা কথা জানিব পাৰিব৷

আনহাতে এছআইটিৰ ৰিপ’ট মুখ্যমন্ত্রীয়ে আগতীয়াকৈ কেনেকৈ লাভ কৰিলে বুলি বিধায়ক অখিল গগৈয়ে উত্থাপন কৰি অহা অভিযোগৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয়– মই ৰাজ্যৰ গৃহমন্ত্রী, যিখিনি গম পাব লাগে সেয়া গম পাবই লাগিব৷ অভিযোগনামা দাখিলৰ ক্ষেত্রত ১৭ ডিচেম্বৰ অন্তিম দিন৷ যোৱা ১৯ ছেপ্ঢেম্বৰত জুবিন গার্গৰ মৃত্যু হৈছিল৷ মৃত্যুৰ দিনৰ পৰা ১৭ ডিচেম্বৰ চার্জশ্বীট দাখিলৰ শেষ সময়৷

এছআইটিয়ে কোৱা মতে, শেষ সময়সীমাৰ আগতেই চার্জশ্বীট দাখিল কৰিব পৰা যাব৷ কেইজনমানে মোক হত্যা বুলি কোৱাৰ বাবে জোকাই থাকে৷ তেওঁলোকৰ মুখতো চূণ পৰিব৷ মই ব্রডকাষ্টত হত্যা বুলি কৈছিলোঁ৷ হত্যা বুলি কোৱাৰ কাৰণে একাংশই কৈ থাকে– চিএমে হত্যা বুলি কৈছে৷ কিন্তু চিএমে যি কয়, ভাবি–চিন্তি কয়৷ চিএমে এটা কথাও উপৰুৱাকৈ নকয়৷ মুখ্যমন্ত্রীয়ে কয় যে জুবিন গার্গৰ ন্যায় প্রদানৰ ইছ্যুটো মোৰ বাবে ক্ল’জ ইছ্যু৷ ইতিমধ্যে মই নির্দেশ দি দিছোঁ যে ১৭ ডিচেম্বৰত চার্জশ্বীট দিবই লাগিব৷ একাংশই ন্যায় লাগে বুলি কৈ আছে আৰু কিছুমানে ন্যায় দিব লাগে বুলি কৈ আছে৷

ইয়াত দুই ধৰণৰ মানুহ আছে৷ কিছুমানে কৈ আছে ন্যায় লাগে, কিছুমানে কৈ আছে ন্যায় দিবলৈ কৈ আছে৷ যোৱা এমাহ ধৰি দিনে–ৰাতিয়ে একাংশই ন্যায় দিবলৈ চেষ্টা চলাই আছে৷ ন্যায় বিচৰাসকলে যিসকলে ন্যায় দিবলৈ যোৱা এমাহ ধৰি কষ্ট কৰি আছে, তেওঁলোকৰ বাবে প্রার্থনা কৰিব লাগে যাতে তেওঁলোক সফল হয়৷

সামাজিক মাধ্যমত জাষ্টিচ ফৰ জুবিন লিখিলেই জুবিনে ন্যায় নাপায়৷ ন্যায় দিবলৈ পৰিশ্রম কৰিব লাগিব৷ এছআইটিয়ে সেই পৰিশ্রম দিনে–ৰাতিয়ে কৰি আছে, ইলেক্ট্র’নিক এভিডেঞ্চ, মেডিকেল এভিডেঞ্চ, ক্রছ একজামিনেচন, আদালতত ১৬৪ ষ্টেটমেণ্ট ৰেকর্ডিং–নীৰৱে তেওঁলোকে বহু ডাঙৰ কাম কৰি আছে৷ তেওঁলোকৰ কামৰ পৰা গম পোৱা গৈছে যে যিসকলৰ অলপো সন্দেহ আছে যে জুবিন গার্গে জাষ্টিচ নাপাব নেকি ১৭ ডিচেম্বৰত তেওঁলোকে নিজেই নিজৰ ভাষ্য সলনি কৰিব লাগিব৷

তেওঁলোকে ক’বলৈ বাধ্য হ’ব যে অসমৰ এছআইটিয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হৈছে৷ পূর্বেও মই মানুহক ভুল প্রমাণিত কৰি আহিছোঁ, এইবাৰো অখিল গগৈৰ দৰে লোক পুনৰ মিছা বুলি প্রমাণিত হ’ব৷ আমি আকৌ এবাৰ ৰাইজৰ ওচৰত প্রমাণ কৰিম আমি কিমান দায়বদ্ধ৷ তেওঁ পুনৰ কয়– জুবিন গার্গৰ ন্যায়ৰ নামত এটা ডুপ্লিকেট ন্যায় পার্টী হৈছে৷ ডুপ্লিকেট ন্যায় পার্টীটোৰ লক্ষ্য– নির্বাচন৷ অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে বিভিন্ন সময়ত ন্যায়ৰ কথা কৈ আছে৷ পূজা পাতিব নালাগে, বোম ফুটাব নালাগে এই ধৰণৰ কথা কোৱাসকলে নির্বাচন নেখেলোঁ বুলি কওক৷ অখিল গগৈয়ে কওক– এইবাৰ নির্বাচন নালাগে৷

ডিজিটেল ডেস্ক, ১ নৱেম্বৰ

You might also like