কংগ্রেছ–মিঞা পার্টীয়ে বাংলাদেশৰ লগ লগাব বিচাৰিছে অসমক
জুবিনক ন্যায় দিয়াৰ পিছতেই গৌৰৱৰ বিষয়ত হাত দিম, সাহস আছে যদি মোৰ ওপৰত গোচৰ দিয়ক
পাকিস্তানৰে সংযোগ থকা প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে এছআইটিয়ে চলোৱা তদন্ত প্রতিবেদন ৰাজহুৱা নকৰাক লৈ যোৱা সময়ছোৱাত কংগ্রেছী সাংসদজনে কৰি থকা কটাক্ষৰ প্রত্যুত্তৰ দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
গৌৰৱ গগৈক এশ শতাংশ পাকিস্তানী এজেণ্ট বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– গৌৰৱ গগৈ পি’ৰলী পাকিস্তানী এজেণ্ট৷ মই কোৱাৰ কাৰণে সাহস আছে যদি মোৰ বিৰুদ্ধে মানহানি গোচৰ দিয়ক৷ তেওঁ এজন পি’ৰলী পাকিস্তানী এজেণ্ট৷ মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম, সেইদিনাখন আপোনালোকে গম পাব তেওঁ এশ শতাংশ পাকিস্তানী এজেণ্ট৷ তেওঁ বিদেশী শক্তিৰ সহায় লৈ দেশৰ বিৰুদ্ধে পৰিকল্পনা কৰে৷ তাৰ উপযুক্ত প্রমাণ লৈ কথাটো মই কৈছোঁ৷
মুখ্যমন্ত্রীয়ে পুনৰ কয়– নিয়মমতে নির্বাচন আছে বুলি কঠোৰ হোৱা নাই৷ নির্বাচন নাথাকিলে আৰু অধিক কঠোৰ দেখুৱাই দিলোঁ হয়৷ নির্বাচনৰ আগত কিবা এটা কৰিলে মানুহে ক’ব যে ৰাজনৈতিক কাৰণত এয়া কৰিছে৷ নহ’লে মোৰ হাতত যিমানখিনি তথ্য আছে, তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি–ফুৰি থাকিবই নোৱাৰে৷ কোনোবাই ভাবিছে, কাগজ নাই নেকি, ১০ ছেপ্টেম্বৰত দেখুওৱা নাই৷ কিন্তু মই ময়েই হয়, মই যি কৰিব লাগে টাইমত কৰিমেই৷
এজন মুখ্যমন্ত্রী হিচাপে মই কৈ আছোঁ– তেওঁ এজন পিউৰ পাকিস্তানী এজেণ্ট৷ হি ইজ এ প্লেণ্টেড পার্ছন৷ বিষয়টোক লৈ মই সংবাদ মেল পতা নাই, নহ’লে ক’ব যে জুবিনৰ ইছ্যু ডাইভার্ট কৰা বুলি৷ গতিকে জুবিনক ন্যায় প্রদান কৰা কামটো কৰি লৈ এই কামত হাত দিম৷
উল্লেখ্য যে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দর্ভত গঠন কৰা এছআইটিয়ে তদন্ত কৰি ইতিমধ্যে প্রতিবেদন দাখিল কৰিছে৷ ইফালে আজি মুখ্যমন্ত্রীয়ে কংগ্রেছক তীব্র ভাষাৰে সমালোচনা কৰি কয়– কংগ্রেছ দল আৰু অসমত থকা মিঞা পার্টীয়ে লগ লাগি ৰাজ্যখনক বাংলাদেশৰ সৈতে লগ লগাবলৈ বিচাৰে৷ তেওঁলোকে সেই কাৰণে ইয়াত বাংলাদেশৰ ৰাষ্ট্রীয় সংগীতো গায় আৰু ইয়াক ন্যায্য বুলিও দাবী কৰে৷ অসমৰ ভৱিষ্যৎ বহুত বেছি ভাল ভৱিষ্যৎ নহয়৷
মিঞাসকলে যিধৰণে আগবাঢ়িছে, অসমক ধ্বংস কৰি পেলাব৷ অসমীয়া মানুহ যিমান সোনকালে সজাগ হয়, সিমানেই আমি বাচিব পাৰিম৷ নহ’লে আমাৰ জীৱনকালতে অসমখনক তেওঁলোকে লৈ ল’ব৷ মাটি দখল কৰিছে, ছোৱালী উঠাই লৈ গৈছে সেই ইছ্যুবিলাকৰ সৈতে জুবিন গার্গৰ ন্যায়ৰ ইছ্যু তুলনা নহয়৷ সেইবোৰ আমাৰ জীৱন মৰণৰ সমস্যা৷ আমি কেনেকৈ জীয়াই থাকিম? এই ইছ্যুটো ডাইভার্ট হ’ব নোৱাৰে৷
বাংলাদেশী মিঞা ইছ্যু অসমত অহা ৩০ বছৰলৈ থাকিব৷ এই ইছ্যুটো কোনেও ডাইভার্ট কৰিব নোৱাৰে৷ সত্রৰ মাটি লৈ যোৱা, লাভ জেহাদ ইছ্যু হিমন্ত বিশ্ব শর্মাই বনোৱা ইছ্যু নহয়৷
ডিজিটেল ডেস্ক ১ নৱেম্বৰ