ডিজিটেল ডেস্ক, ২ অক্টোবৰ : বিশ্বপ্ৰসিদ্ধ এটা খৰ্গৰ গঁড় আৰু অন্যান্য বন্যপ্ৰাণীয়ে শুৱনি কৰি ৰখা আপোন কাজিৰঙাৰ সেউজী শোভাই সকলোকে মন্ত্ৰমুগ্ধ কৰি আহিছে। নতুন পৰ্যটন বৰ্ষত কাজিৰঙাৰ অতুলনীয় সৌন্দৰ্য উপভোগ কৰিবলৈ সকলোৰে বাবে আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ মিহিমুখৰ কঁহৰা বনাঞ্চলত আনুষ্ঠানিকভাৱে হাতী ছাফাৰি মুকলি কৰা হয়। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে আনুষ্ঠানিকভাৱে হাতী ছাফাৰি মুকলি অনুষ্ঠানত অংশ লয়।
অনুষ্ঠানত বিধায়ক দৰছিং ৰংহাং, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংতি, পৱিত্ৰ ঢেকিয়াল ফুকন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালিকা সোণালী ঘোষ, পিছপৰা শ্ৰেণী আয়োগ, অসমৰ উপাধ্যক্ষ দেৱপ্ৰদীপ বৰা, বিশিষ্ট সমাজকৰ্মী অনিমেষ শইকীয়া, জগত কলিতা সমন্বিতে গোলাঘাটৰ জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বোকাখাত সমজিলা আয়ুক্ত, বোকাখাত সমজিলা প্ৰশাসনৰ বিষয়া, বন বিভাগৰ বিষয়া-কৰ্মচাৰী, কাজিৰঙা জীপ ছাফাৰি সন্থা, হোটেল এছ’চিয়েচনৰ বিষয়ববীয়া, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।