ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : চিএম ভিজিলেন্সৰ নামত ধনদাবী কৰি আটক হ’ল এজন। বৰপেটাত CM ভিজিলেন্সৰ নামত ধনদাবী কৰি আটক হোৱা প্ৰৱঞ্চকটো অনুপ কুমাৰ দাস। অনুপ কুমাৰ দাসৰ ঘৰ ডিব্ৰুগড়ত। শনিবাৰে নিশা বৰপেটা আৰক্ষীয়ে প্ৰৱঞ্চক অনুপ কুমাৰ দাসক আটক কৰে।
বৰপেটা জিলাৰ চেঙাৰ মুস্তাক মহম্মদ আক্ৰাম নামৰ লোকজনক CM ভিজিলেঞ্চৰ নামত ১ লাখ টকা দাবী কৰিছিল প্ৰৱঞ্চক অনুপ কুমাৰ দাসে । মির্জাৰ শহুৰেকৰ ঘৰত থাকি CM ভিজিলেন্সৰ নামত ধনদাবী কৰিছিল প্ৰৱঞ্চকটোৱে।