নিয়মীয়া বাৰ্তা, দৌলাশাল, ৪ নৱেম্বৰ : নলবাৰী জিলাৰ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত তথা বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বামুণবড়িত যোৱানিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ হাজো-দৌলাশাল পথেৰে মুকালমুৱা দিশৰ পৰা বৰপেটা অভিমুখে গৈ থকা এখন যাত্ৰীবাহী টেম্পো বামুণবড়িত দুৰ্ঘটনাত পতিত হয় ৷
যাত্ৰী কঢ়িয়াই নিয়া টেম্পোখনে বামুণবড়িত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা বৈদ্যুতিক খুঁটা এটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে ৷ ফলত টেম্পোখনত থকা এগৰাকী চল্লিশ ঊৰ্ধ্বৰ ব্যক্তি থিতাতে নিহত হোৱাৰ উপৰি এগৰাকী কিশোৰীসহ তিনিগৰাকী যাত্ৰী আহত হয় ৷ চকুৰ পলকতে টেম্পোখনত থকা কিশোৰীগৰাকীৰ পিতৃ অনিল আলী (৪৩)ৰ মৃত্যু হয় ৷
আনহাতে, কিশোৰী চেহনাছ চুলতানাসহ ছাদ্দাম হুছেইন (৩২) আৰু বুদুল জামান (৫৫) গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় লোকে দুৰ্ঘটনাত পতিত আটাইকে উদ্ধাৰ কৰি মুকালমুৱা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে অনিল আলীক মৃত ঘোষণা কৰি ছাদ্দাম হুছেইন আৰু বুদুল জামানক প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনাত পতিত কিশোৰীগৰাকী সংকটমুক্ত বুলি চিকিৎসকৰ পৰা জানিব পৰা গৈছে ৷ নিহত অনিল আলীৰ ঘৰ বৰপেটা জিলাৰ ভেল্লাত বুলি খবৰ লাভ কৰা গৈছে ৷ দুৰ্ঘটনাস্থলীত দৌলাশাল আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত এ এছ-২৫ এ চি-১৫০৭ নম্বৰৰ টেম্পোখন উদ্ধাৰ কৰি দৌলাশাল আৰক্ষী চকীলৈ লৈ যায় ৷