নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তৰ উৰিয়ামঘাট চেতিয়া গাঁৱত গঁড়ৰ খৰ্গ উদ্ধাৰ : দুজনক আটক

নিয়মীয়া বার্তা, চুঙাজান, ৪ নৱেম্বৰ : গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ বি ছেক্টৰ চেতিয়া গাঁৱত উদ্ধাৰ হয় এটা গঁড়ৰ খৰ্গ। চেতিয়া গাঁৱৰ চি আৰ পি এফ কেম্পৰ সমীপৰ মজিবুৰ ৰহমানৰ ঘৰৰ পৰা উদ্ধাৰ হয় খৰ্গটো।

মঙলবাৰে পুৱা গোপন খবৰ ভিত্তিত উক্ত স্থানত উৰিয়ামঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলংকাৰ বড়া আৰু চেতিয়া গাঁৱৰ কেম্পৰ চি আৰ পি এফৰ সহযোগত চলিছিল অভিযান। অভিযানত প্ৰায় ১ কেজি ২৭৫ গ্ৰাম ওজনৰ এটা গঁড়ৰ খৰ্গ আৰু দুজন লোকক আৰক্ষীয়ে আটক কৰে। আটক হোৱা লোক দুজনৰ নাম মজিবুৰ ৰহমান, পিতা আব্দুল চালাম, ঘৰ উৰিয়ামঘাট চেতিয়া গাঁও আৰু মজিবুৰ ৰহমান, পিতা আব্দুল ৰেজ্জাক, ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, নগাঁৱৰ পৰা মজিবুৰ ৰহমানে এজন নগাক খৰ্গটো বিক্ৰী কৰিবলৈ নিছিল। অধিক তথ্যৰ বাবে উৰিয়ামঘাট আৰক্ষীয়ে দুয়োকে সোধা-পোছা আৰম্ভ কৰিছে।

You might also like