নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত পুত্রই হত্যা কৰিলে কোটিপতি বিড়ি ব্যৱসায়ীক

ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ : উত্তৰ প্রদেশ, মধ্যপ্রদেশ, ঝাৰখণ্ডকে ধৰি সমগ্র হিন্দীবলয়ত জনপ্রিয়তা লাভ কৰা বিড়ি ব্রেণ্ড ‘দীনেশ ৫৫৫’ নামৰ বিড়িৰ ব্যৱসায়েৰে কোটিপতি হোৱা বিখ্যাত ব্যৱসায়ী সুৰেশ চান্দ আগৰৱালাক পুত্রই গুলীয়াই হত্যা কৰে৷ এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ঘটনাটো শুকুৰবাৰৰ৷ পুত্র নৰেশ আগৰৱালাই অত্যধিক সুৰাপান কৰি ঘৰলৈ অহাৰ পিছত কর্কট ৰোগত আক্রান্ত সুৰেশ আগৰৱালাৰ সৈতে কাজিয়াত লিপ্ত হয়৷ তেওঁলোকৰ কাজিয়াই তীব্র ৰূপ ধাৰণ কৰাত খঙৰ ভমকত পুত্র নৰেশ আগৰৱালাই পিতৃলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ পুত্রৰ গুলীত থিতাতে নিহত হয় কোটিপতি বিড়ি ব্যৱসায়ী সুৰেশ চান্দ আগৰৱালা৷

ইফালে, পিতৃৰ মৃত্যুৰ পিছত পুত্র নৰেশেও নিজৰ মূৰত গুলীয়াই চৰম পথ লয় বুলি আৰক্ষীয়ে সদৰী কৰিছে৷

You might also like