নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় মহিলা ক্রিকেট দলৰ বার্ষিক চুক্তিত অসমৰ উমা চেত্রী

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : প্রথমবাৰৰ বাবে এদিনীয়া মহিলা বিশ্বকাপৰ খিতাপ জয় কৰি ইতিহাস ৰচনা কৰাৰ পাছত জেপ গৰম হ’ল হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলটোৰ৷ বিশ্বকাপ জয়ী দলটোৰ প্রতিগৰাকী সদস্যই লাভ কৰিব শকত ধনৰ টোপোলা৷

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে শেহতীয়াকৈ প্রকাশ কৰিছে ভাৰতীয় মহিলা দলটোৰ বার্ষিক চুক্তিৰ তালিকা৷ ২০২৪–২৫ বর্ষৰ বাবে এই তালিকা প্রকাশ কৰিছে ব’র্ডে৷ এ, বি আৰু চি- এই তিনিটা শাখাত বিভক্ত কৰিছে খেলুৱৈসকলক৷ গ্রুপ এত অধিনায়িকা হৰমনপ্রীত কৌৰ, স্মৃতি মান্ধানা আৰু দীপ্তি শর্মাই স্থান লাভ কৰাৰ বিপৰীতে গ্রুপ বিত ৰেণুকা ঠাকুৰ, জেমিমা ৰড্রিগুৱেজ, ৰিছা ঘোষ আৰু ছেফালি বার্মাই স্থান লাভ কৰিছে ৷ আনহাতে, গ্রুপ চিত স্থান লাভ কৰিছে অসম কন্যা উমা চেত্রীয়ে৷ গ্রুপ চিত উমা চেত্রীৰ লগতে অমনজিৎ কৌৰ, ৰাধা যাদৱ আৰু স্নেহ ৰাণাকে ধৰি ৯গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে৷

গ্রুপ এত স্থান লাভ কৰা খেলুৱৈয়ে বার্ষিক ৫০ লাখ, গ্রুপ বিৰ খেলুৱৈয়ে ৩০ লাখ আৰু গ্রুপ চিৰ খেলুৱৈয়ে ১০ লাখ টকাকৈ লাভ কৰিব৷

You might also like