নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ৰাজধানীত বোমা বিস্ফোৰণ : দিল্লীসহ চুবুৰীয়া ৰাজ্যত হাইএলাৰ্ট

দিল্লীৰ লালকিল্লাৰ ওচৰত সোমবাৰে ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয়। ঘটনাটোত এতিয়ালৈকে ৯জনৰ মৃত্যু আৰু বহু লোক আহত হোৱাৰ তথ্য পোৱা গৈছে। আহতসকলক লোক নায়ক জয়প্ৰকাশ (LNGP) হাসপাতালত ভৰ্তি কৰোৱা হৈছে।

বিস্ফোৰণৰ তীব্ৰতাত পৰিসৰৰ বহু গাড়ী জ্বলি যায় আৰু ওচৰৰ বিল্ডিঙৰ কাঁচ ভাঙি পৰে। ঘটনাৰ পিছত পুলিচে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তদন্ত আৰম্ভ কৰিছে।

ইফালে দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এজন উচ্চপদস্থ বিষয়াই সংবাদ মাধ্যমত কয়— “বিস্ফোৰণটো লালকিল্লা মেট্ৰ’ ষ্টেচন গেট নম্বৰ–১ৰ ওচৰত ৰখা এখন গাড়ীত হৈছিল। ঘটনাৰ পিছত ১০খন অগ্নিনিৰ্বাপক বাহন তৎপৰভাৱে ঘটনাস্থললৈ পঠিওৱা হয় আৰু সন্ধ্যা ৭.২৯ বজালৈকে জুই নিয়ন্ত্ৰণত আনে।” ভিডিঅ’ ফুটেজত দেখা যায়, জ্বলি থকা গাড়ীৰ পৰা জুই আৰু ধোঁৱা উফৰি আছিল। LNGP হাস্পতালৰ মুখপাত্ৰই জনায়— “আহত অৱস্থাত ২৮জনক লোকনায়ক হাস্পতাললৈ অনা হয়। তাৰ ভিতৰত ৯জনে পথতে প্ৰাণ হেৰুৱায়। ৩জনৰ অৱস্থা অতি সংকটজনক বুলি জানিবলৈ পোৱা গৈছে।” এজন প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে— “মই গুৰুদ্বাৰত আছিলোঁ, হঠাত প্ৰচণ্ড শব্দ শুনিলোঁ। বিস্ফোৰণৰ ফলত ওচৰত ৰখা বহু গাড়ী একেবাৰে ধ্বংস হৈ যায়।”

ইফালে বিস্ফোৰণৰ পিছত লালকিল্লালৈ যোৱা সকলো ৰাস্তা আৰু মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিয়া হৈছে। একে সময়তে এনআইএ আৰু এনএছজি দল ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লী পুলিচ আয়ুক্ত আৰু আইবিপ্ৰধানৰ সৈতে যোগাযোগ কৰি বিস্ফোৰণ সম্পৰ্কে বিস্তাৰিত তথ্য লৈছে।

আনহাতে বিস্ফোৰণৰ পিছত দিল্লী, মুম্বাই, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাসহ কেইবাখনো ৰাজ্যত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে। দিল্লী আৰক্ষী আয়ুক্তই কয়— “বিস্ফোৰণটো এখন গাড়ীত সংঘটিত হৈছিল। আমি সকলো দিশে তদন্ত আগবঢ়াই লৈ গৈছো। সন্ধ্যা ৬.৫২ বজাত প্ৰথম কল পোৱা গৈছিল।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে টেলিফোনত আলোচনা কৰি ঘটনাৰ বিষয়ে তথ্য লৈছে। লালকিল্লা অঞ্চলটো দিল্লীৰ আটাইতকৈ ব্যস্ত আৰু ঘনবসতিপূৰ্ণ এলেকাৰ ভিতৰত এখন, য’ত সন্ধিয়া সময়ত স্থানীয় বজাৰ আৰু পৰ্যটকৰ ভিৰ থাকে। বিস্ফোৰণৰ সময়তো তাত বহু লোক উপস্থিত আছিল বুলি জনোৱা হৈছে।

ডিজিটেল ডেস্ক, ১১ নৱেম্বৰ

You might also like