দিল্লীৰ বোমা বিস্ফোৰণ : ব্যৱহৃত বাহনৰ মালিক চলমান
দিল্লীত সোমবাৰ সন্ধিয়া সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণৰ তদন্তত নতুন তথ্য পোহৰলৈ আহিছে। বিস্ফোৰণত ব্যৱহৃত আই–২০ বাহনখনৰ মালিক আছিল হাৰিয়ানাৰ চলমান নামৰ এজন ব্যক্তি, যাক ইতিমধ্যে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংবাদ মাধ্যমত এই তথ্য সদৰী কৰি কয় যে বিস্ফোৰণত ব্যৱহৃত বাহনখন চিহ্নিত কৰা হৈছে আৰু ইয়াৰ সৈতে জড়িত লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে এনআইএ আৰু দিল্লী আৰক্ষীয়ে।
দিল্লী আৰক্ষীৰ আয়ুক্তৰ মতে, বিস্ফোৰণৰ কেইমিনিট আগতে বাহনখন উক্ত স্থানত ৰোৱা দেখা যায়। চি চি টিভি ফুটেজ পৰিদৰ্শনৰ পাছতেই এই সন্দেহ নিশ্চিত কৰা হৈছে।
আৰক্ষী সূত্রে জনোৱা মতে, চলমান নামৰ ব্যক্তিজনে ইতিপূৰ্বে গাড়ীখন আন এজন ব্যক্তিক বিক্ৰী কৰিছিল। সেই নতুন গাড়ী ক্রেতাজনক চিহ্নিত কৰিবলৈ দিল্লী আৰক্ষীয়ে এতিয়া হাৰিয়ানাৰ পৰিবহন বিভাগৰ সৈতে যোগাযোগ স্থাপন কৰিছে।
উল্লেখযোগ্য যে, সোমবাৰে সন্ধিয়া প্ৰায় ৬.৫২ মিনিটত আই–২০ বাহনখন উক্ত স্থানত ৰোৱা দেখা গৈছিল আৰু ৬.৫৫ বজাতেই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়
ডিজিটেল ডেস্ক, ১১ নৱেম্বৰ