নগৰবেৰা-ত দুৰ্ঘটনাত পতিত স্কুলীয়া বাহন, আহত ১৫ শিক্ষাৰ্থী
দুৰ্ঘটনাটোত প্ৰায় ১৫জনকৈ স্কুলীয়া শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’বলগীয়া হয়। স্কুলীয়া বাহনখনত আছিল আদৰ্শ বিদ্যালয় দোকুচিৰ-ছাত্ৰ ছাত্ৰী
আজি পুৱাৰ ভাগতেই নগৰবেৰা থানাৰ অন্তৰ্গত পথালিপাৰা গাঁৱৰ পূব দিশত নগৰবেৰা পঞ্চায়তৰ সন্মুখভাগৰ পথত সংঘটিত হয় দুখন বাহনৰ মুখামুখি সংঘৰ্ষ।
এখন স্কুলৰ ছাত্ৰ ছাত্ৰী কঢ়িওৱা বাহন আৰু এখন মালবাহী টাটা মেজিকৰ মুখামুখি সংঘৰ্ষ হয়, বাহন দুখনৰ নম্বৰ এএছ ২৫এচি- ২১৯০ টাটা মেজিক আৰু এএচ ১৩ এচি ৪৩১৮ টাটা ডি আই।
দুৰ্ঘটনাটোত প্ৰায় ১৫জনকৈ স্কুলীয়া শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’বলগীয়া হয়। স্কুলীয়া বাহনখনত আছিল আদৰ্শ বিদ্যালয় দোকুচিৰ-ছাত্ৰ ছাত্ৰী। বাহনখন নগৰবেৰাৰ পৰা পলাহৰটাৰীস্থিত আদৰ্শ বিদ্যালয়লৈ গৈ থকা অৱস্থাত শিমলীতোলা দিশৰ পৰা নগৰবেৰা অভিমুখে গৈ থকা মালবাহী বাহন এখন গৈ বাহন খনত প্ৰচণ্ড জোঁৰত খুন্দা মাৰে।
ফলত প্ৰায় পোন্ধৰজনকৈ শিক্ষাৰ্থী কঢ়িওৱা বাহন দুৰ্ঘটনাত পতিত হোৱাৰ খৱৰে চাঞ্চল্য বিয়পায় অঞ্চলজুৰি।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১২ নৱেম্বৰ